ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লী জিলাৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে যে এই ঘটনাটোৰ বাবে তেওঁ গভীৰ আঘাত পাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুর্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ আত্মীয়লৈ দুই লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্রতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে৷
Site Admin | August 22, 2024 5:50 PM | President
অন্ধ্ৰপ্ৰদেশৰ আনকাপল্লীত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
