ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কৰ্মশক্তিত মহিলাৰ অধিক অংশগ্রহণত গুৰুত্ব আৰোপ কৰিছে। ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যবস্থা হ’বলৈ ওলোৱাৰ বাবে এনে আৱশ্যকতা জৰুৰী বুলিও ৰাষ্ট্ৰপতি মুর্মুৱে উল্লেখ কৰিছে। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আজি নতুন দিল্লীত নাৰী শক্তিৰ জৰিয়তে বিকশিত ভাৰত বিষয়বস্তুৰে আয়োজিত এখন দিনজোৰা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে দেশৰ কন্যাসকলে বিকশিত ভাৰতৰ লক্ষ্য বাস্তবায়িত কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে মহিলাৰ প্ৰগতিৰ বাবে সহায়ক বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত সমাজৰ ভূমিকাৰ বিষয়েও আলোকপাত কৰে।
ৰাষ্ট্ৰপতি মুর্মুৱে কয়, যে কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিকভাবে সবল কৰি তোলাৰ লগতে উন্নত ভাৰত গঢ়াৰ লক্ষ্যত নেতৃত্ব প্রদান কৰিব পৰাকৈ সমৰ্থ কৰি তোলাৰ বাবে অহৰহ কাম কৰি আছে। তেওঁ নাৰী শক্তি বন্দনা অধীনিয়মৰ জৰিয়তে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থাক ঐতিহাসিক বুলি অভিহিত কৰে। মহিলাসকলক আত্মসহায়ক গোটৰ সৈতে জড়িত কৰা, আর্থিক স্বাৱলম্বিতাৰ বাবে লাখপতি বাইদেউ কাৰ্যসূচী ৰূপায়ণ আৰু নমো ড্রোন যোজনাৰ লেখীয়া চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বাবে মহিলাসকল বিভিন্ন ক্ষেত্ৰত আত্মবিশ্বসাৰ সৈতে আগবাঢ়িছে আৰু সফলতা নতুন শিখৰত উপনীত হৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্রী মতী মুর্মুরে কয়, যে আন্তর্জাতিক নাৰী দিৱস মহিলাসকলৰ অমূল্য অৱদানৰ প্ৰতি সম্মান জনোৱা আৰু লিংগ সমতাৰ অৱধাৰণা সুদৃঢ় কৰাৰ এটা উপলক্ষ্য।
কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী অর্জুনৰাম মেঘৱাল আৰু মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেবীও এই সন্মিলনত ভাষণ দিয়ে।