ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰে দেশৰ উন্নত চিকিৎসা ব্যৱস্থাসমূহৰ বিকেন্দ্ৰীকৰণ আৰু স্বাস্থ্যসেৱা প্রতিষ্ঠানসমূহত অধিক গৱেষণাত গুৰুত্ব আৰোপ কৰিছে। আজি পাটনাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বাপু সভাগাৰত আয়োজিত শতবার্ষিকী উদ্যাপন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তুলনামুলকভাৱে সৰু চহৰবোৰত স্বাস্থ্য সেৱাৰ সুবিধাসমূহ উপলব্ধ কৰোৱাব পাৰিলে বৃহৎ স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহৰ কামৰ হেঁচা লাঘব হ‘ব। স্বাস্থ্যখণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ শেহতীয়া প্ৰয়োগৰ কথা উল্লেখ কৰি শ্ৰীমতী মুমুৱে কয়, যে এনেধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰে চিকিৎসা পদ্ধতি অধিক প্ৰভাৱশালী আৰু ত্রুটিহীন কৰি তুলিব। ৰাষ্ট্ৰপতিগৰাকীয়ে চিকিৎসা সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক দৰিদ্ৰসকলৰ সেৱাত যত্নপৰ হ‘বলৈ আহ্বান জনায়। আজিৰ অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল আৰীফ মহম্মদ খান, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।