ডাউনলোড
মোবাইল এপ

android apple
signal

February 10, 2025 12:08 PM | President

printer

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হব। শ্ৰীমতী মুৰ্মুৱে গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত স্নান কৰাৰ লগতে পূজা আগবঢ়াব। তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ৱ‍ আৰু বড়ে হনুমান মন্দিৰো দৰ্শন কৰাৰ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ সকলো দিশৰ বুজ লব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰাষ্ট্ৰপতিক সংগ দিব।

ইপিনে, মহাকুম্ভ মেলাত দৰ্শনাৰ্থীৰ আগমণ অব্যাহত আছে। এতিয়ালৈ ৪৩ কোটিতকৈ অধিক ভক্তই এই অধ্যাত্মিক অনুষ্ঠানত ভাগ লৈছে। মকৰ সংক্ৰান্তি, মৌনী অম্যাৱস্যা আৰু বসন্ত পঞ্চমী তিনিটাকৈ পৱিত্ৰ স্নানৰ পাছতো দৰ্শনাৰ্থীসকলৰ সমাগম হ্ৰাস পোৱা নাই। ১৩ জানুৱাৰীত আৰম্ভ হোৱা মহাকুম্ভ মেলা অহা ২৬ ফেব্ৰুৱাৰীলৈ চলিব।

অধিক পঢ়ক

সকলো চাওক