ডাউনলোড
মোবাইল এপ

android apple
signal

January 31, 2025 8:26 PM | President

printer

ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মৰ ভাষণ সন্দৰ্ভত কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে কৰা মন্তব্যৰ গৰিহণা প্ৰধানমন্ত্ৰীৰ

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি সংসদৰ দুয়োখন অধিবেশনত ভাষণ দিয়াৰ সময়ত ক্লান্ত হোৱা নাছিল বুলি ৰাষ্ট্ৰপতি ভৱনে স্পষ্ট কৰি দিছে। আজি আবেলি ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে যে কেইগৰাকীমান জ্যেষ্ঠ কংগ্ৰেছ নেতাই ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত কৰা কেতবোৰ মন্তব্যই দেশৰ সাংবিধানিক মুৰবৰীগৰাকীৰ সন্মান লাঘব কৰিছে আৰু ই কোনো পধ্যে গ্রহণযোগ্য নহয়। এই বিবৃতিটোত কোৱা হৈছে যে দেশৰ অতি পিছপৰা সম্প্রদায়, মহিলা আৰু খেতিয়কৰ বিষয়ে কবলৈ ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুরে কেতিয়াও ভাগৰ অনুভৱ নকৰে। কংগ্ৰেছৰ নেতাসকলে হিন্দীৰ লেখিয়া ভাৰতীয় ভাষাৰ গূঢ়াৰ্থ ভালদৰে নুবুজাৰ বাবেই এনে ধৰণৰ ভুল ধাৰণাৰ বশৱৰ্ত্তী হৈছে বুলি ৰাষ্ট্ৰপতি ভৱনৰ বিবৃতিখনত কোৱা হৈছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মৰ ভাষণ সন্দৰ্ভত কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীয়ে কৰা মন্তব্যৰ গৰিহণা দিছে। শ্রীমোদীয়ে কয় যে এই মন্তব্যই দেশৰ ১০ কোটি জনজাতীয় ভাই-ভনীক কংগ্রেছে অপমান কৰিছে।

ইয়াৰ আগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই কংগ্ৰেছৰ প্ৰাক্তন সভানেত্রী ছোনিয়া গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত কৰা মন্তব্যই দলটোৰ দৰিদ্ৰ বিৰোধী আৰু জনজাতি বিৰোধী মনোভাৱ আৰু উচাত্মিকাবোধকে সূচায় বুলি অভিযোগ কৰে।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ পদপিষ্টৰ ঘটনাৰ তদন্তৰ বাবে গঠিত ন্যায়িক আয়োগে আজি ত্রিবেণী সংগম ঘাট পৰিদৰ্শন কৰি ঘটনাৰ সবিশেষ বুজ লয়। আয়োগে লগতে বিশাল পৰিসৰত আয়োজন কৰা এই মহাকুম্ভ মেলাৰ আয়োজকৰ লগত জড়িত সংশ্লিষ্ট সকলো পক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। যোৱা বুধবাৰে মহাকুম্ভ মেলাত হোৱা পদপিষ্টৰ ঘটনাত ৩০গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৬০গৰাকীৰো অধিক লোক আহত হৈছিল। আয়োগে এমাহৰ ভিতৰত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিব। এই প্রতিবেদনে ভবিষ্যতে এনে ধৰণৰ বৃহৎ আয়োজনত সতর্কতামূলক ব্যৱস্থা গ্রহণত বিশেষ গুৰুত্ব প্রদান কৰিব। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হর্ষ কুমাৰৰ অধ্যক্ষতাত ইয়াৰ তদন্তৰ বাবে তিনিজনীয়া ন্যায়িক আয়োগ গঠন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক