সংসদৰ দুমাহজোৰা বাজেট অধিবেশন আজি আৰম্ভ হৈছে। অধিবেশনৰ আৰম্ভণিৰ দিনা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ দিয়ে।
ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাষণৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কুম্ভমেলাত হোৱা হেঁচা-ঠেলাৰ ঘটনাত পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা ভক্তসকলৰ লগতে ২৪ ডিচেম্বৰত দেহাৱসান ঘটা প্ৰাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙলৈ শ্রদ্ধা নিবেদন কৰে। মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালত তিনিগুণ ক্ষীপ্ৰতাৰে কাম হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশৰ বিকাশ আৰু জনসাধাৰণৰ কল্যাণৰ বাবে নিৰন্তৰ কাম কৰি আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে চৰকাৰৰ বিভিন্ন আঁচনিত আলোকপাত কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সম্প্ৰসাৰণৰ জৰিয়তে অতিৰিক্ত ৩ কোটি পৰিয়ালক নতুন ঘৰ প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত বিষয়ে প্ৰকাশ কৰে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত চৰকাৰে ৭০ বছৰ উৰ্দ্ধৰ ৬ কোটি জ্যেষ্ঠ নাগৰিকক স্বাস্থ্য বীমা প্ৰদানৰ সিদ্ধান্তৰ কথাও ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। চৰকাৰে যুৱ চামৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বিষয়ক অগ্ৰাধিকাৰ দিছে বুলি উল্লেখ কৰি তেওঁ কয়, যে দেশৰ শীৰ্ষ ৫০০টা কোম্পানীত ১ কোটি যুৱক-যুৱতীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।
ৰাষ্ট্ৰপতিৰ ভাষণৰ পাছতে আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে লোকসভাত অর্থনৈতিক সমীক্ষা দাখিল কৰে। এই অর্থনৈতিক সমীক্ষাত চলিত বিত্তিয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন ৬.৪ শতাংশলৈ বৃদ্ধিৰ লগতে ২০২৬ বিত্তীয় বৰ্ষত বিকাশৰ হাৰ ৬.৩ ৰপৰা ৬.৮ শতাংশৰ ভিতৰত হ‘ব বুলি আশা কৰা হৈছে।