সংসদত উত্থাপিত এখন দেশ, এটা নির্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দি এইদৰে প্ৰকাশ কৰে ৷ তেওঁ কয়, যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘব কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয়, যে দেশত ১৯৪৭ চনৰে পৰা ভাৰতীয় জনসাধাৰণৰ মাজত শিপাই থকা ঔপনিৱেসিক মানসিকতাৰ পৰিৱৰ্তনৰ বাবে শক্তিশালী প্রচেষ্টা চলি আছে। ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী কাৰ্যবিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধীনিয়ম প্ৰণয়নৰ সিদ্ধান্ত এনে প্ৰচেষ্টাৰ অন্যতম বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয়, যে নতুন ফৌজদাৰী আইন তিনিখনে শাস্তি প্ৰদানৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ বিষয়টো ফৌজদাৰী ন্যায় ব্যৱস্থাৰ মূল কেন্দ্ৰৰূপে পৰিগণিত কৰিছে। তেওঁ লগতে নতুন আইনকেইখনৰ মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধ ৰোধ কৰাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে নাগৰিক প্ৰমূল্যৰাজি কেইবাশতিকা ধৰি জনসাধাৰণৰ নৈতিকতাৰ অংশ হৈ থকা বাবেই সংবিধান জীৱন্ত নথিৰূপে পৰিগণিত হৈছে। তেওঁ কয়, যে বিগত ৭৫ বছৰ ধৰি সংবিধানে দেশক প্ৰগতিৰ পথ দেখুৱাই আহিছে।
গণৰাজ্য দিৱস সকলো জনসাধাৰণৰ বাবে সমূহীয়া আনন্দ আৰু গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয়, যে বিগত ৭৫ বছৰত ভাৰতে মৈত্ৰী ৰাষ্ট্ৰসমূহৰ মাজত সঠিক স্থান লাভ কৰাৰ দিশত অগ্ৰসৰ হ’বলৈ সমৰ্থ হৈছে। ভাৰত এসময়ত প্রাচীন সভ্যতাসমূহৰ ভিতৰত জ্ঞান আৰু প্ৰজ্ঞাৰ উৎসৰূপে জনাজাত আছিল বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে বিদেশী শাসনৰ হাতোৰাৰ পৰা মাতৃভূমিক মুক্ত কৰাৰ বাবে চৰম ত্যাগ কৰা শাহসী বীৰসকলৰ কথাও স্মৰণ কৰে। দেশে এইবছৰ ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ বছৰীয়া জন্মবার্ষিকী পালন কৰিব বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে গণতান্ত্ৰিক প্ৰমূল্যৰাজী পুনৰুত্থানত সহায় কৰা মহাত্মা গান্ধী, ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু বাবাচাহেব আম্বেদকাৰৰ দৰে মহান সন্তানসকলক লাভ কৰাটো দেশৰ বাবে গৌৰৱৰ কথা । তেওঁ কয়, যে বিগত কেইটামান বছৰত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ নিৰন্তৰ উচ্চ হৈ আছে আৰু ইয়াৰ ফলত যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ ন ন সুযোগ সৃষ্টি হৈছে। দেশত উপান্ত সম্প্ৰদায়ৰ লোক বিশেষকৈ অনুসূচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সহায়ৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।
ভাৰতৰ সভ্যতাগত ঐতিহ্যৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে বৰ্তমান প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলা এনে ঐতিহ্যৰ চহকী অভিব্যক্তি। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ভাষীক বৈচিত্ৰ্যৰ সংৰক্ষণৰ বাবে অসমীয়া, বাংলা, মাৰাঠী, পালী আৰু প্ৰাকৃত ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিছে।
শিক্ষা সন্দৰ্ভত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, যে চৰকাৰে এই শিতানত বিনিয়োগ বৃদ্ধি কৰিছে। ভাৰতে এলানি শৃংখলাৰ মাধ্যমেৰে অত্যাধুনিক গৱেষণাত অংশগ্রহণ বৃদ্ধি কৰিছে বুলিও তেওঁ মন্তব্য কৰে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত প্ৰকাশ কৰি শ্ৰীমতী মুমুৱে এই ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা দুটা নিদর্শনমূলক ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে ভাৰতে বিশ্ব পৰ্যায়ত পৰিৱেশৰ বাবে জীৱনশৈলী অভিযান নামৰ গণ আন্দোলনত আগভাগ লৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসত আৰম্ভ কৰা এজোপা গছ মাতৃৰ নামত অনন্য অভিযানৰ বিষয়ে আলোকপাত কৰে।