ডাউনলোড
মোবাইল এপ

android apple
signal

January 25, 2025 6:18 PM | President

printer

গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ৰাষ্ট্ৰক উদ্দেশ্যি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা ৭ বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দী আৰু ইংৰাজীত দিয়া এই ভাষণ আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰই প্ৰচাৰ কৰিব । আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া ৭ বাজি ১০ মিনিটত প্ৰচাৰিত হ’বলগীয়া অসমীয়া বাতৰি সন্ধিয়া ৭ বাজি ৫০ মিনিটত প্ৰচাৰ কৰা হ’ব ।

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ পুৱা ৯ বজাত ৰাজ্যবাসীক উদ্দেশি ভাষণ দিব। ৰাজ্যপালৰ ভাষণৰ পৰিপ্ৰেক্ষিতত আমাৰ পুৱা ৯ বজাৰ আঞ্চলিক বাতৰি ৮ বাজি ৪৫ মিনিটত প্ৰচাৰিত হ’ব।

ৰাজ্যখনত গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ আধাৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এখন বিশেষ অনাতাঁৰ প্ৰতিবেদন প্ৰচাৰ কৰিব। ইয়াৰ বাবে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত প্ৰচাৰ হ’বলগীয়া সংবাদ চলন্তিকা প্ৰচাৰ কৰা নহয় ৷

অধিক পঢ়ক

সকলো চাওক