ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মূৱে ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে সকলো নাগৰিকে ‘ৰাষ্ট্ৰ প্ৰথম’ নীতি গ্ৰহণ কৰাৰ প্রয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে। হায়দৰাবাদত অনুষ্ঠিত লোক মন্থনৰ চতুৰ্থ সংস্কৰণত ভাষণ দি ৰাষ্ট্ৰপতিয়ে কয়, যে বিভিন্ন ক্ষেত্ৰত থকা বিবিধতাৰ সত্ত্বেও দেশক একত্ৰিত কৰি ৰাখিবৰ বাবে ভাৰতীয় সংস্কৃতি, ভাষা, পৰম্পৰা আৰু জ্ঞানক আগবঢ়াই নিয়াটো দৰকাৰ। শ্ৰীমতী মুৰ্মুৱে আজি হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱ আনুষ্ঠানিকভাবে উদ্বোধন কৰে। দাসত্বৰ মানসিকতাৰ পৰিৱৰ্তন হ‘লেহে সামাজিক বৈষম্য আঁতৰ হ‘ব বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি মুর্মূৱে নতুন ফৌজদাৰী আইন ৰূপায়ণ, ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ নাম পৰিৱৰ্তন আৰু ন্যায়ৰ প্ৰতিমূৰ্তিৰ চকুত বান্ধি ৰখা ক‘লা কাপোৰ আঁতৰ কৰাৰ দৰে শেহতীয়াকৈ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডী, আৰ এছ এছ সৎসংঘ চালক মোহন ভাগৱতকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।
Site Admin | November 22, 2024 5:46 PM | President durprodi murmu