ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে পৰ্যটনৰ উন্নয়নে কেৱল ঐতিহ্যক আগবঢ়াই নিয়াই নহয়, বৰঞ্চ ই যুৱ সম্প্ৰদায়ৰ বাবে বৃহৎ পৰিমাণৰ নিয়োগৰ সুবিধাও সৃষ্টি কৰে। তিনিদিনীয়া কাৰ্যসূচীৰে দাদা নগৰ হাভেলী তথা দমন আৰু দিউ ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কেন্দ্রীয় শাসিত অঞ্চলটোত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্রীমতী মুর্মুৱে অঞ্চলটোৰ পৰ্যটন, শিক্ষা আৰু ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰশাসনে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয়। ৰাষ্ট্ৰপতিগৰাকীয়ে উন্নত ভাৰতবৰ্ষৰ লক্ষ্যত উপনীত হ‘ব পৰাকৈ গাঁওসমূহৰ উন্নয়নৰ বিষয়ত গুৰুত্ব আৰোপ কৰাৰ লগতে জনজাতীয় সম্প্ৰদায়ৰ কল্যাণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাৰ বিষয়টো দোহাৰে। ইয়াৰ পূৰ্বে শ্ৰীমতী মুৰ্মুৱে ছিলভাছাত থকা নমো চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে মত বিনিময় কৰে। আজিৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতিয়ে ডিউত থকা আই এন এছ খুৰি স্মাৰকো পৰিদৰ্শন কৰিব ।
Site Admin | November 13, 2024 6:09 PM | President