সাংস্কৃতিক মন্ত্রালয়ে বৌদ্ধ ধৰ্মৰ সন্মানার্থে আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিসংঘৰ সহযোগত নতুন দিল্লীত আজিৰ পৰা দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এছিয়াক শক্তিশালী কৰি তোলাত বৌদ্ধ ধৰ্ম্মৰ ভূমিকাক মূল বিষয়বস্তু হিচাপে লৈ এই সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে, ভাৰত ধৰ্ম্মৰ পৱিত্ৰ ভূমি আৰু প্ৰত্যেক যুগতে এই পৱিত্ৰ ভূমিত মহান গুৰু আৰু সাধকৰ জন্ম হৈছে। তেওঁ কয় যে এই পথ প্ৰদৰ্শকসকলৰ মাজত ভগৱান বুদ্ধৰ অনন্য স্থান আছে। তেওঁ কয় যে, বুদ্ধ গয়াৰ বোধিবৃক্ষৰ তলত সিদ্ধাৰ্থ গৌতমে জ্ঞান লাভ কৰাটো ইতিহাসৰ অভূতপূৰ্ব ঘটনাৰূপে বিবেচিত হৈ আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্ব সম্প্রতি বিভিন্ন ক্ষেত্ৰত অস্তিত্বৰ সংকটত ভোগাৰ এই সময়ত বৌদ্ধ সম্প্ৰদায়ৰ মানৱ জাতিক যথেষ্ট দিব পাৰে। এছিয়াক শক্তিশালী কৰি তোলাত বৌদ্ধ ধৰ্মৰ ভূমিকা আৰু বৌদ্ধ ধৰ্মই এছিয়া তথা বিশ্বলৈ কেনেকৈ বাস্তৱিক শান্তি ঘূৰাই আনিব পাৰে, তাক লৈ চৰ্চা কৰাৰ আৱশ্যকতা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে।
Site Admin | November 5, 2024 9:04 PM | President budha