প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্রস্তুতি তীব্ৰতৰ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ভাষণ প্ৰসংগত তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথি বাইদেউসকলে সেৱা আগবঢ়াব। তেওঁ ‘আপোনাৰ এটা ভোটৰ অধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’ এই শ্ল’গান গাঁৱে-ভূঞে বিয়পাবলৈ আহ্বান জনাইছে। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। উল্লেখযোগ্য যে নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে এইবাৰ ভোটদাতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহৰ মাজৰ পৰা প্ৰতিখন গাঁও আৰু পৌৰসভা ৱাৰ্ডত সাৰথি বাইদেউ নামাকৰণেৰে একোগৰাকীকৈ স্বেচ্ছাসেৱী প্রতিনিধি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। তিনিচুকীয়া নির্বাচনী জিলাৰ তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু ডুমডুমাৰ পৌৰসভাসমূহত ৪৩ গৰাকী আৰু গাঁও পঞ্চায়তসমূহত মুঠ ৩৮৩ গৰাকী সাৰথি বাইদেউক নিযুক্তি দিয়া হ’ব। ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়াৰ শদিয়া আৰু মাৰ্ঘেৰিটা মহকুমাতো সাৰথি বাইদেউ নিযুক্তি দিবলৈ লোৱা হৈছে। তেওঁলোকে নিজ অঞ্চলৰ ভোটদাতাৰ ভোটদান সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ লগতে ৮৫ বছৰ ঊৰ্ধৰ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলক ভোটদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই অৱগত কৰিছে।


গোলাঘাট নির্বাচনী জিলাত ভোটদাতাৰ সজাগতাৰ বাবে ছুইপ কাৰ্যসূচীৰ অধীনত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হয়। জিলাখনত কেইবাখনো মহাবিদ্যালয়ত হস্তাক্ষৰ গ্ৰহণেৰে প্ৰচাৰ অভিযান চলোৱা হয়। অভিযানৰ আৰম্ভণিতে জিলা নিৰ্বাচনী বিষয়া ডাঃ পি উদয় প্রবীণে হস্তাক্ষৰ প্ৰদান কৰে আৰু সকলো ভোটদাতাক ১৯ এপ্ৰিলৰ দিনটোত ভোটদান কৰিবলৈ আহ্বান জনায়। বিষয়াগৰাকীয়ে লগতে নতুন ভোটদাতাসকলক সচেতনতাৰে ভোটদান কৰি দেশৰ গণতন্ত্র সবল কৰিবলৈ আহ্বান জনায়। জিলাখনত তিনিখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে হস্তাক্ষৰ প্ৰদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। সমগ্ৰ প্ৰক্ৰিয়াটোত গোলাঘাট নির্বাচনী জিলাৰ বিভিন্ন বিষয়া-কৰ্মচাৰী উপস্থিত থাকে। নতুন ভোটদাতাৰ ভোটদানৰ প্ৰতি আকর্ষণ বৃদ্ধিৰ বাবে বজালী নির্বাচনী জিলাৰ উদ্যোগত বিভিন্ন মহাবিদ্যালয়ত সজাগতামূলক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰপেটা জিলাৰ সৰুপেটাৰ ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়ত চিত্ৰাংকন আৰু পোষ্টাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ‘মোৰ ভোট, মোৰ কণ্ঠ’ বিষয়ক এই প্ৰতিযোগিতাত মহাবিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। নিৰ্বাচনী জিলাৰ অধীনৰ সকলো মহাবিদ্যালয়ত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ বিজয়ীসকলে চূড়ান্ত প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক