কেন্দ্ৰত নতুন চৰকাৰৰ শপতগ্ৰহণৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। ৰাষ্ট্ৰপতি ভৱনত কাইলৈ সন্ধিয়া ৭ বাজি ১৫ মিনিটত প্রধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে নৰেন্দ্ৰ মোদীক প্রধানমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব।
প্রধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এন ডি এৰ এটা প্রতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপি সংসদীয় দলৰ নেতা হিচাপে বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে। এন ডি এৰ অংশীদাৰ দলসমূহৰ সমৰ্থনৰ পত্ৰও ৰাষ্ট্ৰপতিৰ ওচৰত অৰ্পণ কৰা হয়।
ৰাষ্ট্ৰপতিক সাক্ষাতৰ পাছত ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত শ্ৰীমোদীয়ে কয় যে, এন ডি এই এখন শক্তিশালী, সুস্থিৰ আৰু বিকাশমুখী চৰকাৰ গঠন কৰিব। শ্রীমোদীয়ে কয় যে, ৰাষ্ট্ৰপতিয়ে তেওঁক কাৰ্যবাহী প্রধানমন্ত্ৰী হিচাপে মনোনীত কৰিছে আৰু তেওঁ ৰাষ্ট্ৰপতিক দেওবাৰে শপতগ্রহণ অনুষ্ঠানৰ আয়োজন কৰিলে কোনো অসুবিধা নাই বুলি অৱগত কৰিছে।তেওঁ কয় যে, জনসাধাৰণে এন ডি এ চৰকাৰক আন এটা সুযোগ দিছে আৰু ইয়াৰ সদ্ব্যৱহাৰ কৰি তেওঁৰ চৰকাৰে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব। তেওঁ কয় যে, সুস্থিৰ চৰকাৰ দেশ, অৰ্থব্যৱস্থা আৰু যুৱ প্ৰজন্মৰ বাবে লাভদায়ক প্ৰমাণিত হ’ব। শ্রীমোদীয়ে তেওঁৰ চৰকাৰে ৰাষ্ট্ৰৰ দ্ৰুত বিকাশৰ বাবে চেষ্টাৰ অকণো ত্রুটি নকৰে বুলি প্ৰকাশ কৰে।