ৰাজ্যজুৰি বাপতিসাহোন ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত

♦ অসমবাসীৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি জনসাধাৰণে বিহুৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাও অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চবিহু উদযাপনৰ বাবে বিভিন্ন ঠাইত আয়োজক সমিতিসমূহে প্রস্তুতি চলাইছে। মৰিগাঁও জিলাৰ জাগীৰোডত এইবেলিও বিহুনাচ আৰু ঢোলবাদনৰ সাতদিনীয়া কৰ্মশালা অনুষ্ঠিত হৈছে। এই কর্মশালাত অর্ধ শতাধিক শিশু আৰু কিশোৰ-কিশোৰীয়ে অংশ লৈছে। অঞ্চলটোত ১ আৰু ২ বহাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে বসন্ত উৎসৱৰ আয়োজন কৰা হ’ব।

ইপিনে, যোৰহাট জিলাৰ মৰিয়নীৰ চেলেংহাটত নৱপ্ৰজন্মক বিহুৰ সৈতে জড়িত কৰিবলৈ কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত চেলেংহাটৰ শতাধিক শিশু আৰু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ বিভিন্ন স্থানত বিহুৰ আখৰা চলি আছে। ইপিনে, ঠায়ে ঠায়ে ৰঙালী বিহু উপলক্ষে মুকলি কৰা বিপণীসমূহত থলুৱাভাৱে উৎপাদিত হস্ত-তাঁত সামগ্ৰী, বিভিন্ন সাজ-পাৰ আৰু সুস্বাদু খাদ্যৰ লগতে বিহুনাচত ব্যৱহৃত লোকবাদ্যসমূহো প্ৰদৰ্শন কৰা হৈছে। গোৰেশ্বৰৰ ঢোলৰ বিপণীসমূহত কাৰিকৰসকলৰ ব্যস্ততা পৰিলক্ষিত হৈছে।

অধিক পঢ়ক

সকলো চাওক