ডাউনলোড
মোবাইল এপ

android apple
signal

প্ৰসাৰ ভাৰতীয়ে নেটৱৰ্কৰ ডিজিটেলকৰণ, শেহতীয়া আহিলাপাতি ব্যৱহাৰেৰে আকাশবাণী-দূৰদৰ্শনৰ নেটৱৰ্ক উন্নত কৰি আহিছেঃ এল মুৰগন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সময়ে সময়ে যথোচিত নিৰ্দেশনা জাৰি কৰি সম্প্ৰচাৰ ক্ষেত্ৰত নিত্য-নতুন প্রযুক্তি আকোঁৱালি লোৱাৰ বাবে সহায় সমৰ্থন আগবঢ়াই আহিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰযোগে এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰগনে কয় যে প্ৰসাৰ ভাৰতীয়ে নেটৱৰ্কৰ ডিজিটেলকৰণ আৰু শেহতীয়া আহিলাপাতি ব্যৱহাৰ কৰি অবিৰতভাৱে আকাশবাণী আৰু দূৰদৰ্শনৰ নেটৱৰ্ক উন্নত কৰি আহিছে। প্ৰসাৰ ভাৰতীয়ে ডাইৰেক্ট টু মোবাইল ডি-টু-এম সম্প্ৰচাৰ প্ৰযুক্তিৰ বাবে ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ সৈতে এখন বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ডি-টু-এম এক প্ৰকাৰৰ নতুন প্রযুক্তি আৰু এই প্ৰযুক্তিৰ জৰিয়তে ছিম অবিহনে মোবাইল ফোন আৰু অন্য স্মাৰ্ট আহিলালৈ দৃশ্য-শ্ৰাব্য আৰু তথ্যৰ সম্প্ৰচাৰ সংকেত পোনপটীয়াকৈ প্ৰেৰণ কৰিব পৰা যায়৷

অধিক পঢ়ক

সকলো চাওক