ডাউনলোড
মোবাইল এপ

android apple
signal

জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোৰ্ড মুকলি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ

ৰাষ্ট্ৰীয় উপভোক্তা দিৱস উপলক্ষে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি ই-বাণিজ্য মঞ্চসমূহৰ ক্রেতাসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পৰা ডার্ক পেটাৰ্ণসমূহ চিনাক্ত কৰা আৰু গ্ৰাহকসকলৰ সৱলিকৰণৰ বাবে ভার্চুৱেল ব্যৱস্থাৰে ভালেমান ব্যৱস্থা মুকলি কৰে। শ্ৰীযোশীয়ে গ্ৰাহকসকলক সুৰক্ষা প্ৰদানৰ লগতে ই বাণিজ্য মঞ্চসমূহৰ ডার্ক পেটাৰ্ণসমূহ চিনাক্ত কৰাৰ উদ্দেশ্যে জাগো গ্রাহক জাগো এপ, জাগৃতি এপ আৰু জাগৃতি ডেছবোৰ্ড মুকলি কৰে। এই উপলক্ষে শ্রীযোশীয়ে কয়, যে গ্ৰাহকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে তেওঁলোকক সৱল কৰি তোলাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ। গ্ৰাহকসকলক সুৰক্ষিত, স্বচ্ছ আৰু বিশ্বাসযোগ্য বজাৰ প্ৰদান কৰিবলৈ আৰু ডিজিটেল ক্ষেত্ৰত ব্যৱসায়ীৰ অসাধু পন্থা নিৰীক্ষণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীযোশীয়ে ই-বাণিজ্য মঞ্চৰ ব্যৱসায়ী, নাগৰিক সমাজ আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে নৈতিক পন্থা আৰু শক্তিশালী গ্রাহক অধিকাৰৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনায়। এগৰাকী শক্তিশালী গ্রাহকেহে এখন শক্তিশালী ৰাষ্ট্ৰৰ ভেটি গঢ়িব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই উপলক্ষে দিয়া ভাষণত গ্ৰাহক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী বি এল বাৰ্মাই দেশৰ অৰ্থব্যৱস্থা সৱল কৰি তোলাৰ ক্ষেত্ৰত গ্ৰাহকসকলৰ ভূমিকাক গুৰুত্ব আৰোপ কৰে। দেশত উপভোক্তা বিপ্লৱৰ গুৰুত্বত আলোকপাত কৰি প্ৰতিবছৰে ২৪ ডিচেম্বৰত ৰাষ্ট্ৰীয় উপভোক্তা দিৱস পালন কৰা হয়। এইবছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে ভার্চুৱেল শুনানি আৰু উপভোক্তা ন্যায়ৰ বাবে ডিজিটীয় ব্যৱস্থাৰ ব্যৱহাৰ।

অধিক পঢ়ক

সকলো চাওক