ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব বিচৰা শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কার্ডো দাখিল কৰিব পাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা ঘোষণা কৰে। তেওঁ কয় যে এই সন্দৰ্ভত মহাবিদ্যালয় কর্তৃপক্ষক নির্দেশ দিয়া হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অধীনত প্ৰাদেশিকীকৃত তথা চৰকাৰী মহাবিদ্যালয়সমূহ আৰু ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমত প্ৰায় ৫৭ হাজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। তেওঁ কয় যে আৰু ৫০ হাজাৰ শিক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।
Site Admin | June 25, 2024 1:11 PM | Pragyan Bharati
ৰেচন কার্ড দাখিলৰ জৰিয়তে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা
