ডাকঘৰ আইন, ২০২৩ কালিৰে পৰা প্ৰযোজ্য হৈছে। এই আইনখনে ১৮৯৮ চনৰ ভাৰতীয় ডাকঘৰ আইনৰ ঠাই লৈছে। নতুন আইনখন অনুসৰি চৰকাৰে দেশৰ সুৰক্ষা আৰু ৰাজহুৱা শৃংখলাকে ধৰি কেতবোৰ বিশেষ কাৰণত ভাৰতীয় ডাক বিভাগৰ জৰিয়তে প্ৰেৰণ কৰা যিকোনো সামগ্ৰী গন্তব্যস্থান গৈ পোৱাৰ আগতে বাধা প্ৰদান কৰিব পাৰিব। জৰুৰীকালীন অৱস্থাত অথবা সুৰক্ষা তথা শান্তি-শৃংখলাৰ স্বাৰ্থত এনে কৰিব পৰা যাব। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা উভয় চৰকাৰৰ দ্বাৰা নিয়োজিত যিকোনো বিষয়াই এনে কৰিব পাৰিব। নতুন আইনৰ অধীনত ডাক বিভাগৰ জৰিয়তে কোনো নিষিদ্ধ সামগ্রী প্ৰেৰণ কৰিলে নিয়োজিত বিষয়াই তেনে পাৰ্চেল খুলি চাব পাৰিব, জব্দ অথবা বিনষ্ট কৰিব পাৰিব। ডাক সেৱাৰ সঞ্চালক প্ৰধানগৰাকী ভাৰতীয় ডাক বিভাগৰ মুৰবৰী হিচাপে নিয়োগ কৰা হ’ব বুলি আইনখনত উল্লেখ কৰা হৈছে। তেওঁৰ সেৱা শুল্ক আৰু ডাক টিকটৰ যোগানকে ধৰি বিভিন্ন বিষয় নিয়ন্ত্ৰণৰ অধিকাৰ থাকিব। সংসদত যোৱা বছৰ ডাকঘৰ বিধেয়ক, ২০২৩ গৃহীত হৈছিল। ৰাষ্ট্ৰপতিয়ে যোৱা ২৪ ডিচেম্বৰত বিধেয়কখনত অনুমোদন জনাইছিল।
Site Admin | June 19, 2024 12:46 PM | Post office ACT