সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে সমগ্ৰ ৰাষ্ট্ৰজুৰি ৯ কোটিৰো অধিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। পুষ্টিহীনতা ৰোধ কৰা আৰু সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে এই বাৰ্ষিক অভিযানৰ অধীনত ৰক্তহীনতা দূৰীকৰণৰ বাবে এক কোটি ৮৮ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে শিশুৰ বিকাশ নিৰীক্ষণৰ লক্ষ্যৰে এক কোটি ৬৮ লাখ আৰু পৰিপূৰক মাতৃ দুগ্ধপানক লৈ এক কোটি ৪৫ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইপিনে এই অভিযানৰ পোষণ ভী পঢ়াই ভী অর্থাৎ পুষ্টিৰ লগতে অধ্যয়ন কাৰ্যসূচীৰ অধীনত এক কোটি ৫৯ লাখ কাৰ্যসূচী অনুষ্ঠিত হয়। অন্যান্য কার্যসূচী যেনে জন সজাগতা, পৰিৱেশ সুৰক্ষাকে ধৰি বিভিন্ন বিষয়টো জনসাধাৰণক সচেতন কৰি তুলিবলৈ অনুষ্ঠানৰ আয়োজন কৰা হয়। মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে এই অভিযানৰ অধীনত কাৰ্য ৰূপায়ণত মহাৰাষ্ট্ৰ, বিহাৰ, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ, গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশ শীর্ষ স্থানত আছে।
Site Admin | September 27, 2024 1:10 PM | poshan mah 9 crore above