ডাউনলোড
মোবাইল এপ

android apple
signal

April 26, 2025 12:22 PM | Pope Francis

printer

বিশ্বৰ ৰোমান কেথলিক চার্চ মুৰব্বী পোপ ফ্রান্সিছৰ আজি শেষকৃত্য, উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰপ্ৰধান

বিশ্বৰ ৰোমান কেথলিক চার্চ মুৰব্বী পোপ ফ্রান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেছিলিকাত সম্পন্ন কৰা হ’ব। ভেটিকান চিটীৰ ছেইণ্ট পিটাৰ্ছ স্কোৱেৰত ভাৰতীয় সময় অনুসৰি আজি দিনৰ ডেৰ বজাত শেষকৃত্য কাৰ্যসূচী আৰম্ভ হ’ব। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিৰ লগতে সাধাৰণ জনতাই অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰিব। শেষকৃত্য কার্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া বিশ্বৰ নেতাসকলৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দ্যা ছিলভা আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেই অন্যতম। যোৱা ২১ এপ্ৰিলত দেহাৱসান ঘটা পোপ ফ্ৰান্সিছৰ শেষকৃত্য কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু দুদিনীয়া ভ্রমণসূচীৰে কালি ভেটিকান চিটীত উপস্থিত হয়। শ্রীমতী মুর্মুক এই যাত্ৰাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু, সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ান আৰু গোৱা বিধানসভাৰ উপাধ্যক্ষ জোশ্বুৱা ডি ছুজাইও সংগ দিছে। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে তিনি দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। সেই অনুসৰি যোৱা ২২ আৰু ২৩ এপ্ৰিলত দুদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হয় আৰু আজিও ৰাষ্ট্রীয় শোক পালন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক