দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা পোপ ফ্রান্সিছৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। ভেটিকান ছিটিৰ কেচা ছান্তা মার্তাস্থিত নিজা বাসগৃহত দেহাৱসান ঘটা পোপ ফ্ৰান্সিছৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ। পোপ হিচাপে ১২ বছৰীয়া কাৰ্যকালত তেওঁ কেইবাটাও স্বাস্থ্য সংক্রান্তীয় জটিলতাত ভোগাৰ পিছত যোৱা কেইবাসপ্তাহ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈছিল। কেথলিক গীৰ্জাক পুনৰ গঠন কৰা দৰিদ্ৰ লোকসকলৰ কণ্ঠস্বৰ হিচাপে জনাজাত পোপ ফ্রান্সিছে প্ৰথমগৰাকী লেটিন-আমেৰিকান হিচাপে ২০১৩ চনত পোপৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ফ্ৰান্সিছ গীৰ্জাৰ ইতিহাসৰ আটাইতকৈ পুৰণি পোপসকলৰ ভিতৰত এজন আছিল।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে বিশ্ব কেথলিক সম্প্ৰদায়ৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী মোদীয়ে কয় যে পোপ ফ্রান্সিছক সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে সদায় সহানুভূতি, নম্রতা আৰু আধ্যাত্মিক সাহসৰ পথ প্ৰদৰ্শক হিচাপে স্মৰণ কৰিব। পোপ ফ্রান্সিছে কঠোৰ পৰিশ্ৰমেৰে দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ সেৱা আগবঢ়াইছিল আৰু ক্ষতিগ্রস্ত লোকসকলৰ বাবে আশাৰ ভাৱ জাগ্ৰত কৰিছিল বুলিও শ্রী মোদীয়ে উল্লেখ কৰে। ব্ৰিটিছ প্রধানমন্ত্ৰী কেই স্টেমাৰেও পোপ ফ্ৰান্সিছৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এটা শোকবার্তাত তেওঁ কয়, যে পোপ ফ্রান্সিছে মানৱজাতিৰ কাৰনে এখন সৰ্বাংগ সুন্দৰ পৃথিৱী নিৰ্মানৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।
ষ্টেমাৰৰ লগতে ইটালিৰ প্ৰধানমন্ত্ৰী জর্জিয়া মেলোনি, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রোৰ লগতে আন বহুকেইগৰাকী বিশ্ব নেতাই পোপ ফ্ৰান্সিছৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে।