লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টা সমষ্টিত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলাইছে। পঞ্চম পৰ্যায়ত ২০ মে’ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ বিপৰীতে ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব।

Image

Image

Image

Image
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ লয়। শ্রীমোদীয়ে আজি বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰত ৩ খন নির্বাচনী সভাত ভাষণ দিয়ে। বিজেপিৰ নেতাগৰাকীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাই ছাউথ চেণ্ট্ৰেল সংসদীয় সমষ্টিতো নির্বাচনী সমাবেশত অংশ লয়।

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্রী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশ, ওড়িশা আৰু ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। শ্ৰীশ্বাহে উত্তৰ প্ৰদেশৰ আমেথি লোকসভা সমষ্টিৰ বাবে প্ৰচাৰ চলোৱাৰ লগতে ঝাৰখণ্ডৰ ৰাঁছী লোকসভা সমষ্টিত ৰোড শ্বত অংশ লয়। তদুপৰি, ওড়িশাৰ ৰুৰকেলাত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প যাত্রাতো ভাগ ল’ব। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা যোগী আদিত্য নাথে বলৰামপুৰ, বাৰাবাংকী, লক্ষ্ণৌ আৰু অযোধ্যাত দলৰ হকে প্ৰচাৰ চলাব।

Image

অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কবিসূর্যানগৰ, কান্তাবনজী, লোইচিংঘা আৰু দেলাং-কানাছত নিৰ্বাচনী প্ৰচাৰ চলাব। ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্রাই সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ সৈতে ৰায়বেৰেলীত এখন নিৰ্বাচনী সভাক যৌথভাৱে সম্বোধন কৰিব। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই মুম্বাইত আজি আই এন ডি আই মিত্ৰজোঁটৰ এখন জনসভাত ভাগ ল’ব। কালি ভূৱনেশ্বৰত এখন সংবাদমেল সম্বোধন কৰি শ্ৰীখার্গেই বি জে ডি চৰকাৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপনৰ সুযোগ প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে। এ আই এম আই এমৰ মুৰববী আছাদুদ্দিন ওৱেচিয়ে আজি অপনা দল কামেৰৱাড়ীৰ সভাপতি পল্লৱী পেটেলৰ সৈতে কৌচাম্বি জিলাত নির্বাচনী সমাৱেশত ভাগ ল’ব। ইফালে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি অমৃতসৰৰ পৰা দলৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিব। অমৃতসৰত শ্ৰীকেজৰিৱালে পাঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত সিং মানৰ সৈতে এটা ৰোড শ্ব’ত ভাগ ল’ব।

ৰোড শ্ব’ৰ পূৰ্বে দুয়োগৰাকী নেতাই স্বৰ্ণ মন্দিৰ আৰু দুৰ্গীয়ানা মন্দিৰত পূজা অৰ্চনা আগবঢ়াব আৰু পাঞ্জাৱৰ জনসাধাৰণৰ শান্তি, সমৃদ্ধি কামনা কৰিব। ওড়িশাতো লোকসভা নিৰ্বাচনৰ সমান্তৰালভালে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, কংগ্ৰেছ আৰু বিজেডিৰ জ্যেষ্ঠ নেতাসকলে দলীয় প্রার্থীৰ হকে ভোটদাতাৰ মন জয় কৰাৰ বাবে ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি ভূৱনেশ্বৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰে আৰু সুন্দেগড় তথা বাড়গড় লোকসভা সমষ্টিত দুখন নির্বাচনী সভাত ভাষণ দিছে। বিজেডিৰ মুৰব্বী তথা ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কেও কালি ভূৱনেশ্বৰত এটা ৰোড শ্ব’ত ভাগ লয়।
মহাৰাষ্ট্ৰতো প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী একনাথ সিন্দেই কালি নাছিকত দলৰ হকে প্ৰচাৰ চলায়। আনহাতে ধুলেৰ কংগ্ৰেছ প্রার্থীৰ হকে প্ৰচাৰ চলাই এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে কয় যে, জনসাধাৰণে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে আৰু মহাবিকাশ অঘৰী মিত্ৰজোঁটৰ হকে অনুকূল বাতাবৰণ সৃষ্টি হৈছে।

অধিক পঢ়ক

সকলো চাওক