৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এই পৰ্যায়ত অহা ৭ মে’ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত গুজৰাটৰ ২৫টা, কৰ্ণাটকৰ ১৪টা, মহাৰাষ্ট্ৰ ১১টা আৰু উত্তৰ প্ৰদেশৰ ১০টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। একেদৰে মধ্যপ্ৰদেশৰ ৯টা, ছট্টিশগড়ৰ ৭টা, বিহাৰৰ ৫টা, অসম আৰু পশ্চিমবংগ উভয়ৰে ৪টাকৈ আৰু গোৱা, দাদ্ৰা আৰু নগৰ হাৱেলী আৰু দমন আৰু ডিউৰ দুটাকৈ সংসদীয় সমষ্টিৰ বাবেও এইটো পৰ্যায়তে নির্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যৰ ৪টা সমষ্টিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি চিৰাং জিলাৰ উলুবাৰীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। উলুবাৰী ৰাজহুৱা খেলপথাৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ ড° শৰ্মাই নিৰ্বাচনী সভাত অংশ ল’ব।

Image

আনহাতে, কংগ্ৰেছ আৰু আন আন দলসমূহৰ প্ৰাৰ্থীসকলৰ সমৰ্থনতো আজি বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’ব। ইফালে, মুখ্যমন্ত্রী ড° শৰ্মাই কালি ধুবুৰী লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ হৈ ধুবুৰীত প্ৰচাৰ চলায়। কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে গোৱালপাৰা জিলাৰ লালাবৰি আৰু বৰদামালত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীয়ে প্ৰাৰ্থীৰ্গৰাকীৰ সমৰ্থনত গুৱাহাটীৰ মালিগাঁৱৰ বৰিপাৰাত আয়োজিত প্ৰচাৰ সভাতো অংশ লয়। ইপিনে সাংসদ গৌৰৱ গগৈয়ে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দ্বীপ বায়নৰ হৈ নলবাৰীত নির্বাচনী প্ৰচাৰত অংশ লয়। নলবাৰীৰ বিলপাৰৰ পৰা মটৰ চাইকেল সমদল কৰি সাংসদগৰাকীয়ে সমর্থক, দলীয় কৰ্মীৰ সৈতে প্ৰচাৰ চলায়৷ এ আই ইউ ডি এফৰ ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰ চলায়। আনহাতে বি পি এফ দলে বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়।

Image

বি পি এফ প্রধান হাগ্ৰামা মহিলাৰীয়ে জিলাখনৰ শান্তিপুৰ বজাৰত লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী খাম্ফা বৰ্গয়াৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয়। সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ মহিলা কোষৰ সভানেত্ৰী অলকা লাম্বা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ দলটোৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাই ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ কামৰূপ জিলাৰ নগৰবেৰাৰ সীমান্ত অঞ্চলত প্ৰচাৰ চলায়। ইপিনে চি পি আই এমৰ জ্যেষ্ঠ নেতা তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে বৰপেটা লোকসভা সমষ্টিৰ দলীয় প্রার্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে কালি বঙাইগাঁৱত উপস্থিত হয়। নির্বাচনী প্ৰচাৰ চলোৱাৰ পূৰ্বে এখন সংবাদমেলত অংশ লৈ তেওঁ কয় যে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকা গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষাৰ বিষয়টোত চিপিআইএম দলে আই এন ডি আই মিত্ৰজোঁটৰ সদস্য হিচাপে একমত হ’লেও অন্য বিষয়সমূহত দলটোৰ সৈতে মতবিৰোধ আছে।

Image

Image

ইফালে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি গুজৰাটৰ আনন্দ, সুৰেন্দ্ৰনগৰ, জুনাগড় আৰু জামনগৰত কেইবাখনো নির্বাচনী সভাক সম্বোধন কৰি ভাৰত স্বাধীনতাৰ শতবৰ্ষত উদযাপন কৰাৰ সময়লৈকে এখন উন্নত ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে। শ্ৰীমোডীয়ে আজি পশ্চিমবংগৰ কৃষ্ণানগৰ, পূব বর্ধমান আৰু বোলপুৰ সংসদীয় সমষ্টিত তিনিখন নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইপিনে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে কালি আহমেদাবাদত এখন সংবাদ মেল সম্বোধন কৰে আৰু দলৰ ইস্তাহাৰত সমাজৰ সকলো শ্ৰেণীৰ প্ৰতি ন্যায়ৰ নিশ্চয়তা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে।

Image

আনহাতে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি কৰ্ণাটকত এখন জনসভাক সম্বোধন কৰে। সভাত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেও অংশগ্রহণ কৰে। ইপিনে, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা নাৰায়ণ স্বামীয়ে কালি কৰ্ণাটকৰ কোপ্পাল জিলাত দলৰ হকে প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক