সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

♦লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত সকলো ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলায়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ বৰগঢ়ত এখন নির্বাচনী সভাত ভাষণ দিয়ে।

তেওঁ কয় যে, কংগ্ৰেছে দেশৰ সংবিধান সলনি কৰিব বিচাৰে। কংগ্ৰেছে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক প্ৰদান কৰা সংৰক্ষণ বন্ধ কৰি দলৰ ভোটবেংকৰূপে পৰিচিত লোকসমূহক প্ৰদান কৰিব বিচাৰে বুলিও প্রধানমন্ত্রীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁ কংগ্ৰেছ দলক দেশৰ সংবিধান সলনি কৰাৰ অথবা অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক প্ৰদান কৰা সংৰক্ষণৰ সুবিধা বন্ধ কৰিব নিদিয়ে আৰু এয়া মোদীৰ নিশ্চয়তা। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নাম উল্লেখ নকৰাকৈ প্ৰধানমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এবাৰ তদানিন্তন প্রধানমন্ত্রী মনমোহন সিং চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিলিপি ফালি পেলাইছিল আৰু ইয়াৰ পৰা নেতাগৰাকীয়ে যে সংবিধানৰ প্ৰতি বিশ্বাস নকৰে সেয়া স্পষ্ট হৈ পৰে। ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ মুৰব্বী নবীন পাটনায়কক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে ওড়িশা চৰকাৰ বাহিৰৰ লোকৰ দ্বাৰা পৰিচালিত হৈ আহিছে। শ্রীপাটনায়কক বাহিৰৰ ৰাস্তা দেখুৱা সময় আহি পৰিছে বুলিও শ্রীমোদীয়ে প্ৰকাশ কৰে ।

পাছত শ্ৰীমোদীয়ে ঝাৰখণ্ডৰ চৰা লোকসভা সমষ্টিৰ চিমৰিয়াত এখন নির্বাচনী সভাক সম্বোধন কৰে। তেওঁ কয় যে এই বাৰৰ নিৰ্বাচন শিশুৰ ভৱিষ্যত সুনিশ্চিত কৰা নিৰ্বাচন। কেন্দ্ৰীয় চৰকাৰৰ বি ভিন্ন আঁচনিৰ কথা উল্লেখ কৰি শ্রীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে দুখীয়া লোকৰ দুৰ্দশাৰ কথা বিবেচনা কৰি আঁচনি প্রস্তুত কৰি আহিছে।
ইয়াৰ পূৰ্বে শ্রীমোদীয়ে বালাংগিৰত এখন নির্বাচনী সভাত ভাগ লয়। শ্রীমোদীয়ে ভাষণ প্ৰসংগত প্রায় ২৫ বছৰীয়া শাসনকালত খনিজ সম্পদত চহকী ওড়িশাৰ উন্নয়নৰ বাবে একো নকৰাৰ বাবে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ দৰিদ্ৰতা দূৰ নকৰাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা বি জে ডিৰ মুৰববী নবীন পাটনায়কক তীব্র সমালোচনা কৰে। ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিহাৰৰ বেগুচৰাইত প্ৰচাৰ চলায় ৷ প্ৰচাৰৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ড° শৰ্মাই কয় যে, বিজেপিৰ শক্তিশালী নেতৃত্বৰ অধীনত অহা কেইবছৰমানৰ ভিতৰত পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতৰ সৈতে চামিল কৰা হব। সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চলোৱা চাৰ্জিকেল স্ট্রাইকক লৈ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছ দলক সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পাক অধিকৃত কাশ্মীৰত ভাৰতৰ প্ৰতি সমর্থন বৃদ্ধি পাইছে। তেঁও কয় যে অঞ্চলটোৰ জনসাধাৰণে সম্প্ৰতি ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ লৈছে।

ইফালে, আৰ জে ডিৰ জ্যেষ্ঠ নেতা তেজশ্বী প্রসাদ যাদৱে দৰভাঙ্গাত আলিনগৰত দলৰ প্ৰাৰ্থী ললিত কুমাৰ যাদৱৰ হৈ প্ৰচাৰ চলাই বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ বাবে সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ আৰু দেশৰ সংবিধান দুৰ্বল কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ তোলে। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আই এন ডি আই মিত্রজোট ক্ষমতালৈ আহিলে মিত্রজোটটোৱে প্ৰতি বছৰে ১ কোটি চৰকাৰী চাকৰি প্ৰদান কৰিব৷

আনহাতে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গেয়ে আজি মোদী চৰকাৰে ৰাজনৈতিক প্ৰতিশোধৰ বাবে বিধি বলবৎকাৰী সঞ্চালকালয় আৰু চি বি আইৰ লেখিয়া কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি ৰাজনৈতিক প্রতিদ্বন্দিসমূহক লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপন কৰে। পাটনাত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীখার্গেই কয় যে লোকসভা নিৰ্বাচন প্রভাৱিত কৰাৰ উদ্দেশ্যে আই এন ডি আই মিত্রজোটৰ নেতাসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ কৰি এন ডি এ চৰকাৰে আই এন ডি আই মিত্ৰজোটৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ মুদ্রাস্ফীতি, দৰিদ্ৰতা আৰু কর্মসংস্থাপনহীনতাৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন কৰে।

Priyanka Gandhi said emotionally: Our relation with Amethi is of blood, no matter who becomes MP, it will neve

ইপিনে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাই আজি উত্তৰ মহাৰাষ্ট্ৰৰ জনজাতীয় অধ্যুষিত নন্দুৰবাৰ জিলাত দলৰ হকে প্ৰচাৰ চলায়। তেওঁ কয় যে, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰসমূহে জনজাতীয় সম্প্ৰদায়ৰ ৰক্ষাৰ বাবে অনুসূচীত জাতি-অনুসূচীত জনজাতি উপ পৰিকল্পনা, অনুসূচীত জাতি-জনজাতি আতিশহ্য প্ৰতিৰোধী আইন, পেছা আইন, পঞ্চায়তীৰাজ আইন, বন অধিকাৰ আইন আৰু এম জি এনৰেগা আইন প্রনয়ণ কৰিছে। তেওঁ লগতে মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ এন ডি এ চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে, নৰেন্দ্ৰ মোদী চৰকাৰে হাথৰছৰ দৰে ঘটনাক লৈ আৰু পদক বিজয়ী মহিলা মল্লযোদ্ধাসকলৰ দাবীক লৈ মৌনতা অৱলম্বন কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক