লোকসভা নিৰ্বাচনৰ পঞ্চম পর্যায়ত অহা ২০ মে’ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতাসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। পঞ্চম পর্যায়ত অহা ২০ মে’ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ হোৱাৰ বিপৰীতে ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টাকৈ সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একেৰাহে দ্বিতীয় দিনৰ বাবে উত্তৰ প্ৰদেশত প্ৰচাৰ অভিযানত ভাগ লৈছে। শ্রীমোদীয়ে আজি বাৰাবাংকী, ফতেহপুৰ আৰু হামিৰপুৰত ৩ খন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। ফতেহপুৰৰ নিৰ্বাচনী সভাত শ্রী মোদীয়ে কয় যে পূৰ্বতে অন্যান্য চৰকাৰৰ শাসনকালত উত্তৰ প্ৰদেশ অপৰাধ আৰু দুৰ্নীতিৰ বাবে কুখ্যাত আছিল যদিও বৰ্তমানে ৰাজ্যখন প্ৰগতিৰ দিশত অগ্ৰসৰ হৈছে।
বিজেপিৰ নেতাগৰাকীয়ে আজি সন্ধিয়া মহাৰাষ্ট্ৰৰ দক্ষিণ মধ্য মুম্বাই সংসদীয় সমষ্টিতো নির্বাচনী সমাবেশত অংশ ল’ব। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশ আৰু ওড়িশাত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীশ্বাহে ঝাৰখণ্ডৰ ৰাঁছী লোকসভা সমষ্টিতো ৰোড শ্বত অংশগ্ৰহণ কৰিব। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা যোগী আদিত্য নাথে বলৰামপুৰ, বাৰাবাংকী, লক্ষ্ণৌ আৰু অযোধ্যাত দলৰ হকে প্ৰচাৰ চলায়। অসমৰ মুখ্যমন্ত্রী তথা বিজেপি নেতা ড° হিমন্ত বিশ্ব শৰ্মাই আজি ওড়িশাৰ বলানগীৰত নিৰ্বাচনী প্ৰচাৰ চলায়।
ইফালে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱৰ সৈতে ৰায়বৰেলী আৰু আমেথিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ ৰাষ্ট্রীয় সভাপতি মল্লিকার্জুন খাৰ্গেই মুম্বাইত আজি আই এন ডি আই মিত্ৰজোঁটৰ এখন জনসভাত ভাগ ল’ব। কালি ভুৱনেশ্বৰত এখন সংবাদমেল সম্বোধন কৰি শ্ৰীখাগেই বি জে ডি চৰকাৰে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপনৰ সুযোগ প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে।

অধিক পঢ়ক

সকলো চাওক