ডিফু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন

◊ সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কার্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ’চাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনিৰ নাট্যকাৰ আৰু পৰিচালক বশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ’ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক- জয়দেৱ মুখপাধ্যায়, নির্বাচনী ব্যয় পর্যবেক্ষক, আৰক্ষী পৰ্যৱেক্ষক, কাৰ্বি আংলং জিলাৰ আয়ুক্তকে ধৰি জিলাখনৰ অন্যান্য প্রশাসনিক বিষয়াসকল উপস্থিত থাকে। নতুন ভোটদাতাসকলৰ সজাগতাৰ বাবে বাক্সা জিলাটো প্ৰশাসনে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভোটদানৰ সজাগতা সভা অনুষ্ঠিত কৰে। বাক্সা জিলাৰ জালাহৰ বি বি কিষাণ মহাবিদ্যালয়তো আজি নতুন ভোটাৰসকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট শিল্পী মণিষা হাজৰিকাই অংশগ্ৰহণ কৰে। শিল্পীগৰাকীয়ে নতুন ভোটাৰ ছাত্ৰ-ছাত্রীসকলক উদ্দেশ্যি কয় যে ভোটদান হৈছে মৌলিক অধিকাৰ, সেয়ে ভোটদান সাব্যস্ত কৰাটো অতিকৈ প্ৰয়োজনীয়। বাক্সা জিলাৰ অতিৰিক্ত আয়ুক্ত কবিতা ফাংচুৰ লগতে জিলাখনৰ অন্যান্য প্ৰশাসনীয় কেইবাগৰাকীও বিষয়াই অংশগ্ৰহণ কৰে। একেদৰে আজি নিকাচি জ্ঞানপীঠ ডিগ্রী মহাবিদ্যালয় আৰু বৰমা মহাবিদ্যালয়তো নতুন ভোটাৰসকলৰ বাবে সজাগতা সভা অনুষ্ঠিত হয়। ইফালে লখিমপুৰতো ভোটাৰ সজাগতা কৰ্যসূচীৰ অংশ হিচাপে কালি আৰু আজি বিভিন্ন মহাবিদ্যালয়, উচ্চ শিক্ষাৰ প্রতিষ্ঠান তথা প্রশিক্ষণ প্ৰতিষ্ঠানত শোভাযাত্ৰাৰ আয়োজন কৰা হয়। প্ৰতিখন শৈক্ষিক প্রতিষ্ঠানে নিজৰ নিজৰ এলেকাৰ ভোটাৰ ৰাইজক ভোটদানৰ গুৰুত্ব সম্পৰ্কে সজাগ আৰু সচেতন কৰাৰ বাবে এই শোভাযাত্রা অনুষ্ঠিত কৰে। ১৮ বছৰ উৰ্ধৰ ছাত্ৰ- ছাত্ৰীসকলে এই সজাগতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বঙাইগাঁৱতো আজি সমাগত লোকসভা নিৰ্বাচনৰ ভোটদানৰ প্ৰতি উৎসাহিত কৰাৰ বাবে নিৰ্বাচনী শুভংকৰ জোন আৰু জোনালী উন্মোচন কৰা হয়। জিলা আয়ুক্ত নৱদ্বীপ পাঠকে শুভংকৰ জোন আৰু জোনালীক প্ৰথমবাৰ ভোটদান কৰিবলৈ যোৱা ১৮ বছৰীয়া কিশোৰ-কিশোৰী হিচাপে চিহ্নিত কৰিছে।

♦ Read More News : 

কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ মনোনয়ন পত্ৰ দাখিল

আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীলৈ নির্বাচন আয়োগৰ জাননী

অধিক পঢ়ক

সকলো চাওক