৭০জনীয়া দিল্লী বিধানসভা নির্বাচনলৈ মাজত মাত্র তিনি দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ তুংগত উঠিছে। প্রায় আটাইবোৰ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে উঠি-পৰি লাগিছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ আগশাৰীৰ নেতাসকলে দলীয় প্রার্থীৰ হকে জনসাধাৰণৰ সমৰ্থন আদায়ৰ বাবে জনসভা আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাসকলৰ ঘৰে ঘৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।
বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ দ্বাৰকাত এখন জনসভাত অংশ লৈ দিয়া ভাষণত কয়, যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ক্ষিপ্ৰ বিকাশৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰয়োজন। শ্রীমোদীয়ে কয়, যে দিল্লীৰ জনসাধাৰণক তেওঁলোকৰ সকলো ধৰণৰ প্ৰয়োজন পূৰণ কৰিব পৰা এখন চৰকাৰৰ প্ৰয়োজন। দিল্লীৰ আম আদমী পাৰ্টীৰ চৰকাৰখনক দুৰ্নীতি পৰায়ণ আৰু শোষণকাৰী বুলি অভিযোগ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে বিজেপি ক্ষমতালৈ আহিলে দিল্লী কেৱল ৰাজধানী চহৰসমূহৰ বাবে নহয় বৰঞ্চ গ্ৰামাঞ্চলৰ বাবে আদৰ্শ হিচাপে পৰিচিত হ’ব। শ্ৰীমোদীয়ে কয়, যে বিজেপিয়ে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি সময় অনুসৰি পূৰণ কৰিব। তেওঁ লগতে বিগত ১১ বছৰে ৰৈ যোৱা কামসমূহ সম্পূৰ্ণ কৰা হ’ব বুলিও আশ্বাস দিয়ে।
ইপিনে আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীত বাস কৰা একোটা পৰিয়ালে আপ চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণেৰে মাহিলি ৫০ হাজাৰ টকাকৈ সাঁচিব পাৰে বুলি দাবী কৰে। গান্ধী নগৰত কালি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাই শ্ৰীকেজৰিৱালে বিজেপি চৰকাৰে আপে আৰম্ভ কৰা কল্যাণমূলক আঁচনিসমূহ বন্ধ কৰি দিব বুলি উল্লেখ কৰে।
কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে কালি নাংলৈজাট বিধানসভা সমষ্টিৰ এটা ৰোড শ্ব’ত অংশ লয়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত কালি মাদিপুৰ সমষ্টিত এখন জনসভাত ভাগ লয়। শ্ৰীগান্ধীয়ে যমুনা নদীৰ প্ৰদূষণ সন্দৰ্ভত আপৰ মন্তব্যৰ সমালোচনা কৰাৰ লগতে বিজেপিয়ে জনসাধাৰণৰ মাজত ঘৃণা বিয়পাইছে বুলি অভিযোগ কৰে।