ৰাজ্যত প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাৰে পৰা লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ

♦ ৰাজ্যত আজি প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হৈছে। এই পৰ্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যত ৮১ লাখৰো অধিক ভোটদাতাৰ বাবে ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে অসমৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ইতিমধ্যে ছীল কৰি দিয়া হৈছে। ৰাজ্যৰ ৩০০ টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰত পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। তদুপৰি ৫,২৬৬ টা ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অধিক সংবেদনশীল ভোটকেন্দ্রসমূহত সুক্ষ্ম পর্যবেক্ষকৰো ব্যৱস্থা কৰা হৈছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাতো ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে।

Read More :

ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে ৰাইজে উৎসাহেৰে ভোটগ্রহণ কেন্দ্ৰসমূহত শাৰী পতা দেখা গৈছে। ভোটদান প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে ইতিমধ্যে নৰবাম প্রাথমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্ৰত ভোটদান কৰে। ভোটদান কৰি শ্ৰীমতী বৰঠাকুৰে ৰাইজে নিৰ্বাচনত সঠিক সিদ্ধান্ত ল’ব বুলি সংবাদ মাধ্যমত আশা প্রকাশ কৰে। একেদৰে সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়েও জ্যোতি নগৰৰ পূব গুৱাহাটী হাইস্কুল ভোটকেন্দ্ৰত ভোটদান কৰে। ভোটদানৰ অধিকাৰ সাব্যস্ত কৰি প্ৰাৰ্থীৰ্গৰাকীয়ে সকলো শ্ৰেণীৰ ৰাইজক মুক্তভাৱে ভোটদান কৰিবলৈ আহিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ মুঠ এহেজাৰ ২৬ টা ভোটগ্রহণ কেন্দ্ৰৰ ১০০ টা মহিলাৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে ২৬ টা কেন্দ্ৰ আদর্শ ভোটকেন্দ্র হিচাপে সজাই-পৰাই তোলা হৈছে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।

কোকৰাঝাৰ সংসদীয় সমষ্টিৰ বাবেও বৰষুণৰ বতৰৰ মাজতে আজি পুৱা ৭ বজাত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সমষ্টিটোত ৭ লাখ ৪১ হাজাৰ ৩২৮ জন পুৰুষ আৰু ৭ লাখ ৪৩ হাজাৰ ২৩৬ গৰাকী মহিলাকে ধৰি মুঠ ১৪ লাখ ৯৪ হাজাৰ ৪০৪ গৰাকী ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। সমষ্টিটোত মুঠ এহেজাৰ ৮৬২ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ২৯৬ টা কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও, দোতমা, কোকৰাঝাৰ, বাওখুংগ্ৰী আৰু পৰ্বতঝোৰা বিধানসভা সমষ্টিত মুক্ত আৰু নিকা নিৰ্বাচন সম্পন্ন কৰাৰ বাবে সকলো প্ৰকাৰৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আকাশবাণীৰ কোকৰাঝাৰৰ সংবাদদাতাই জানিবলৈ দিছে।

আনহাতে, লোকসভা সমষ্টিটোৰ অন্তৰ্গত মানাহ আৰু বাক্সা বিধানসভা সমষ্টিতো পুৱাৰেপৰা শান্তিপূর্ণভাৱে ভোটগ্রহণ চলি আছে বুলি আমাৰ বাক্সাৰ সংবাদতাই জনাইছে। বৰপেটা সমষ্টিত আজি ১৯ লাখৰো অধিক ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱৰ বীৰঝৰা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰাৰ বিপৰীতে চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰে সৰভোগৰ উত্তৰ গণকগাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত ভোটদান কৰে। নিৰ্দলীয় প্রার্থী দুলু আহমেদে হাজোৰ দামপুৰত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী,কংগ্ৰেছৰ দীপ বায়ন, চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰ আৰু নিৰ্দলীয় দুলু আহমেদে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে।

অধিক পঢ়ক

সকলো চাওক