September 11, 2024 6:04 PM | PM Meeting

printer

সেউজ হাইড্ৰ’জেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ ভার্চুৱেলী ভাষণ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, বর্তমান জলবায়ু আৰু শক্তি পৰিৱৰ্তন এটা বিশ্বব্যাপী চৰ্চিত বিষয়। তেওঁ ইয়াকো কয় যে, দি-কাৰ্বনাইজেশ্বনৰ ওপৰত সেউজ হাইড্ৰজেনৰ প্ৰভাৱ প্ৰসাৰিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব অতি গুৰুত্বপূর্ণ সেউজ হাইড্ৰজেন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভার্চুৱেলী ভাষণ প্ৰদান কৰি তেওঁ উৎপাদন বৃদ্ধি, খৰচ হ্ৰাস কৰা আৰু আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে সহযোগিতাৰে আগবঢ়া আদিৰ বিষয়সমূহত আলোকপাত কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে, জলবায়ু পৰিৱৰ্তন কেৱল মাত্র ভৱিষ্যতৰ বিষয় নহয় বৰং ইয়াৰ প্ৰভাৱ এতিয়াই অনুভূত হৈছে। শ্ৰী মোদীয়ে কয় যে, শক্তিৰ পৰিৱৰ্তন আৰু বহনক্ষমতা বিশ্বনীতিৰ বক্তৃতাৰ মূল বিষয় হৈ পৰিছে। ভাৰতে স্বচ্ছ আৰু সেউজ গ্ৰহ সৃষ্টিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি আলোকপাত কৰি তেওঁ কয় যে, জি-২০ ৰাষ্ট্ৰৰ ভিতৰত ভাৰতেই সেউজ শক্তিৰ ক্ষেত্ৰত পেৰিছ প্ৰতিশ্ৰুতি পূৰণ কৰা প্ৰথমখন দেশ। তেওঁ উল্লেখ কৰে যে, ২০৩০ চনৰ লক্ষ্যতকৈ ৯ বছৰ আগতেই এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে, যোৱা ১০ বছৰত দেশত অজীৱাষ্ম ইন্ধনৰ ক্ষমতা প্রায় ৩০০ শতাংশ বৃদ্ধি পাইছে। এই সময়ছোৱাত দেশৰ সৌৰশক্তিৰ ক্ষমতা ৩ হাজাৰ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। চৰকাৰে ভাৰতক সেউজ হাইড্ৰজেন উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে বিশ্বজোৰা কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচৰা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে, ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান উদ্ভাৱন, আন্তঃগাঁথনি, উদ্যোগ আৰু বিনিয়োগৰ ক্ষেত্ৰতো গতি প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক