মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ’ প্রদর্শনী কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ গোৰেগাঁৱৰ এন ই এছ চি অ’ প্রদর্শনী কেন্দ্ৰত ২৯ হাজাৰ ৪০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, ৰে’লৱে আৰু বন্দৰ খণ্ডৰ কেইটাবাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগত শ্ৰীমোদীয়ে ভাৰতীয় বাতৰি সেৱা সচিবালয়ত আই এন এছ টাৱাৰ মুকলি কৰিব। ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ১৬ হাজাৰ ৬০০ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া থানে-বোড়িৱলি সুৰংগ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দ্বৈত টিউব সুৰংগৰ ফলত থানে আৰু বোড়িৱলিৰ মাজৰ যাত্রা পথ ১২ কিলোমিটাৰ হ্ৰাস পাব। ইয়াৰ ফলত যাত্ৰাৰ সময় প্রায় এঘণ্টা ৰাহি হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে ছহেজাৰ ৩০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ গোড়েগাঁও মুলুন্ধ লিংক ৰোড প্ৰকল্পৰ সুৰংগ নিৰ্মাণ কামৰো আধাৰশিলা স্থাপন কৰিব। তেওঁ নবী মুম্বাইৰ টুৰ্ভেত কল্যাণ য়াৰ্ড ৰিমডেলিং আৰু গতিশক্তি বহুমুখী মালবাহী কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰি শ্ৰীমোদীয়ে লোকমান্য তিলক ৰে’ল ষ্টেচনৰ নতুন প্লেটফৰ্ম আৰু ছত্ৰপতি শিৱাজী মহাৰাজ ষ্টেচনৰ সম্প্ৰসাৰিত ১০ আৰু ১১ নম্বৰ প্লেটফৰ্ম ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। একেদৰে প্ৰধানমন্ত্ৰীয়ে প্রায় ৫ হাজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষ মুখ্যমন্ত্ৰীৰ যুৱ কাৰ্য প্ৰশিক্ষণ যোজনা শুভাৰম্ভ কৰিব। ১৮ৰ পৰা ৩০ বছৰ বয়সৰ যুৱক-যুৱতীসকলক দক্ষতা বিকাশ আৰু উদ্যোগত কাম কৰাৰ অভিজ্ঞতা আহৰণৰ সুযোগ প্রদানে এই নবিচী কাৰ্যসূচীৰ মূল উদ্দেশ্যে।

অধিক পঢ়ক

সকলো চাওক