September 13, 2024 12:32 PM | PMGSY

printer

প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত ৭০ বছৰ উৰ্ধৰ নাগৰিকক সুকীয়া কাৰ্ড প্ৰদান

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত সামৰি লবলগীয়া সকলো যোগ্য জ্যেষ্ঠ নাগৰিকক নতুন আৰু সুকীয়া কাৰ্ড প্ৰদান কৰা হব। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে আধাৰ কাৰ্ড অনুসৰি ৭০ বছৰ বা তাতকৈ উৰ্ধৰ ব্যক্তিসকলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনি এসপ্তাহৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাবনা আছে। এই আঁচনিখন এপ্লিকেচন আধাৰিত আৰু জনসাধাৰণে পৰ্টেলৰ জৰিয়তে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিব লাগিব। পৰ্টেলত মুখমণ্ডলৰ জৰিয়তে পৰিচয়ৰ সত্যাসত্য নিৰূপণৰ ব্যৱস্থা আৰু ৭০ বছৰ বা ইয়াৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিকৰ বাবে এটা সুকীয়া লিংক থাকিব। সূত্ৰৰ পৰা জানিব পৰা মতে ব্যক্তিগত বীমা অথবা কৰ্মচাৰী ৰাজ্যিক নিগমৰ হিতাধিকাৰীসকলেও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় মন্ত্রীসভাই বুধবাৰে তিনি হাজাৰ ৪৩৭ কোটি টকা ব্যয়ৰে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধিনত যিকোনো আয়ৰ ৭০ বছৰ আৰু ইয়াৰ উৰ্ধৰ সকলো জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য বীমাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। ইয়াৰ ফলত দেশৰ প্ৰায় চাৰে চাৰি কোটি পৰিয়াল আৰু প্ৰায় ৬ কোটি জ্যেষ্ঠ নাগৰিক লাভান্বিত হব।