গ্ৰাম্য গৃহ নিৰ্মাণৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে PMAY-G 2.0 আৰম্ভ

অসমত ১৫ ছেপ্টেম্বৰত ১,৭১,৫৯৩ জন হিতাধিকাৰীয়ে লাভ কৰিব গৃহ অনুমোদন

■ দেশৰ গ্ৰাম্য উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি ঘৰ প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ আঁচনিখন আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে। অহা ১৫ ছেপ্টেম্বৰ তাৰিখে অসমত ১,৭১,৫৯৩ টা নতুন PMAY-G ঘৰে অনুমোদন লাভ কৰাৰ লগতে প্ৰথম কিস্তিৰ ধন লাভ কৰিব। ইয়াৰ লগতে সমগ্ৰ ৰাজ্যতে ১,০৩,৫৭৫ টা সম্পূৰ্ণ হোৱা PMAY- G ঘৰৰ বাবে গৃহপ্ৰৱেশ অনুষ্ঠানৰো আয়োজন কৰা হ’ব। এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বাকী অংশৰ লগতে অসমতো দ্বিতীয় পৰ্যায়ৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (PMAY-G 2.0) ৰ শুভাৰম্ভ কৰা হ’ব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে “সকলোৰে বাবে গৃহ নিৰ্মাণ” ৰ লক্ষ্যত দায়বদ্ধ হৈ আছে, যাতে কোনো পৰিয়ালেই নিৰাপদ আৰু মৰ্যাদাপূৰ্ণ বাসস্থান অবিহনে নাথাকে। অসমতো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সক্ষম নেতৃত্বত পিএমএৱাই-জিয়ে ৰাজ্যৰ সুদূৰ প্ৰান্তত থকা দৰিদ্ৰ লোকৰো কাষ চাপিবলৈ সক্ষম হৈছে। ২০১৬ চনৰ পৰা অসমে পিএমএৱাই-জিৰ অধীনত ২২,২৩,৪৩৫ টা পকী ঘৰৰ লক্ষ্য লাভ কৰিছে। ইতিমধ্যে অসমে ২১,২২,৭৭২ টা অনুমোদন লাভ কৰিছে, ইয়াৰে ১৯,১৭,৪৪১টা ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অসমে বিগত তিনি বছৰত ১৫,১৩,১৩৩ টা ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে।

পিএমএৱাই-জিৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ লাখ লাখ গ্ৰাম্য পৰিয়ালক পকী ঘৰ প্ৰদান কৰা। ২০১৬ চনত আৰম্ভ হোৱাৰ পৰা পিএমএৱাই-জিৰ সফল ৰূপায়ণৰ লগে লগে পিএমএৱাই-জি ২.০-এ এই উত্তৰাধিকাৰৰ ওপৰত নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতিৰে গৃহ নিৰ্মাণৰ আন্তঃগাঁথনি বৃদ্ধি কৰি গ্ৰাম্য নাগৰিকৰ জীৱন-যাপনৰ মান উন্নত কৰা।

এই লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ছেপ্টেম্বৰত অহা ১৫ ছেপ্টেম্বৰ ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 মুকলি কৰিব। গৃহ অনুমোদনত ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য প্ৰদানৰ লগতে ২৬ লাখ সম্পূৰ্ণ হোৱা পিএমএৱাই-জি গৃহৰ বাবে গৃহপ্ৰৱেশ অনুষ্ঠানটো প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে পিএমএৱাই-জিৰ বাবে হিতাধিকাৰীসকলক স্থায়ী অপেক্ষা তালিকাত (পিডব্লিউএল) অন্তৰ্ভুক্ত কৰাৰ বাবে নতুন আৱাস প্লাছ জৰীপ আৰম্ভ কৰিব।

অধিক পঢ়ক

সকলো চাওক