লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নির্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে আজি সন্ধিয়া গুৱাহাটীত উপস্থিত হ’ব। বৰঝাৰ বিমান বন্দৰৰ পৰা কইনাধৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতা-কৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। শ্ৰী মোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ কেইবাটাও পথত বাণিজ্যিক যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তেওঁ কাইলৈ বৰপেটা আৰু দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব। এই কাৰ্যসূচীক কেন্দ্ৰ কৰি নলবাৰী জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ১৮ এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে ৷ তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰত ভাগ ল’ব । আনহাতে, কংগ্ৰেছ নেত্রী প্ৰিয়ংকা গান্ধীয়ে আজি যোৰহাটত নির্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা আছে। তেওঁ যোৰহাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ তিতাবৰৰ পৰা যোৰহাটলৈ ৰোড শ্ব’ত অংশগ্রহণ কৰিব। ইপিনে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কালি মাকুমত কেইবাখনো নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে ডিগবৈৰ বৰবিল হনুমান মন্দিৰৰ পৰা গান্ধী ময়দানলৈ এটা পদযাত্রাতো অংশ লয়। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ কালি হোজাইৰ লামডিঙত এখন জনসভাত অংশগ্ৰহণ কৰে। তেওঁ শোণিতপুৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈও তেজপুৰত ৰোড শ্বত অংশ লয়। আনহাতে, কংগ্ৰেছ তথা বিৰোধী দলৰ প্ৰাৰ্থীসকলেও নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। যোৰহাট সমষ্টিৰ কংগ্ৰেছ প্রার্থী গৌৰৱ গগৈয়ে কালি তিতাবৰত নিৰ্বাচনী প্ৰচাৰ চলায়। ডিব্ৰুগড় সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে কালি তিনিচুকীয়াৰ কেইবাটাও স্থানত নির্বাচনী সভাত অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই কালি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ মানকাচৰত প্ৰচাৰ চলায়।
Site Admin | April 16, 2024 11:15 AM