ডাউনলোড
মোবাইল এপ

android apple
signal

November 7, 2024 1:05 PM | PM Vidyalaxmi

printer

কেন্দ্ৰীয় কেবিনেটত প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন

কেন্দ্ৰীয় চৰকাৰে মেধাৱী শিক্ষার্থীসকলক বিত্তীয় সাহায্য প্ৰদানৰ উদ্দেশ্যে প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছে। নতুন দিল্লীত কালি কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, বিদ্যার্থীসকলে উচ্চ শিক্ষা লাভৰ বাবে অতিৰিক্ত বন্ধকী অবিহনে ঋণ লাভ কৰিব পাৰিব। তেওঁ কয় যে, বিত্তীয় অন্তৰায়ে যাতে দেশৰ যুৱ প্ৰজন্মক গুণগত উচ্চ শিক্ষা আহৰণত বাধা প্ৰদান কৰিব নোৱাৰে তাৰ বাবে এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে। এই আঁচনি অনুসৰি ৭ লাখ ৫০ হাজাৰ টকাৰ ঋণৰ ক্ষেত্ৰত চৰকাৰে ৭৫ শতাংশ ঋণৰ নিশ্চয়তা প্ৰদান কৰিব। ৮ লাখ টকা পৰ্যন্ত ছাত্র- ছাত্ৰীয়ে মৰ্টেৰিয়াম আৰু অৰ্থাৎ‍ দেনা স্থগিতৰ কালত ১০ লাখ টকালৈকে ঋণৰ সূদৰ ক্ষেত্ৰত ৩ শতাংশ ৰেহাই লাভ কৰিব। এই আঁচনিৰ জৰিয়তে ৭ লাখ শিক্ষার্থী উপকৃত হ’ব বুলি আশা কৰা হৈছে। আঁচনিখনৰ সুবিধা গ্ৰহণৰ বাবে প্রধানমন্ত্ৰী বিদ্যালক্ষ্মী প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পৰা যাব। প্রধানমন্ত্রী বিদ্যালক্ষ্মী আঁচনি সন্দৰ্ভত শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কৈছে যে, কেবিনেটে ৩ হাজাৰ ৬০০ কোটি টকা ব্যয়েৰে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী ব্যয়েৰে প্ৰধানমন্ত্রী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন দিয়াৰ ফলত উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ’ব আৰু দেশৰ যুৱক-যুৱতীসকলে নিজৰ সপোন পূৰণ কৰিব পাৰিব। এই আঁচনিৰ অধীনত অতিৰিক্ত বন্ধকীমুক্ত আৰু নিশ্চয়তা প্ৰদান কৰোতা অবিহনে লাভ কৰা শিক্ষা ঋণ ব্যৱস্থাই মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা লাভৰ পথ সুগম কৰি তুলিব। তেওঁ কয় যে, এই আঁচনিখনে কোনো ছাত্র যাতে বিত্তীয় বাধাৰ বাবে শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া নহয় সেয়া নিশ্চিত কৰিব। আঁচনিখনৰ জৰিয়তে শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় প্রতিষ্ঠানগত ৰেংকিং পৰিকাঠামোৰ ভিত্তিত দেশৰ শীৰ্ষৰ ৮৬০ খন উচ্চ শিক্ষা প্রতিষ্ঠানত নামভৰ্তিৰ সুযোগ লাভ কৰিব। প্ৰতিবছৰে ২২ লাখ শিক্ষাৰ্থীক এই আঁচনিয়ে সামৰি ল’ব। তেওঁ লগতে প্রধানমন্ত্রী বিদ্যালক্ষ্মী আঁচনিক ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ দিশে লোৱা শক্তিশালী পদক্ষেপ বুলি অভিহিত কৰে। এই আঁচনিয়ে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লাখ লাখ শিক্ষাৰ্থীক উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ৷

অধিক পঢ়ক

সকলো চাওক