প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলৰ ২ লাখৰো অধিক আবেদন লাভ

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলে দুই লাখৰো অধিক আবেদন লাভ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যথেষ্ট ৰাজসাহায্য আগবঢ়োৱাৰ বাবে সৌৰশক্তি আহৰণ কৰাটো অধিক সুলভ হৈ পৰাৰ বাবে বিপুল সঁহাৰি পোৱা গৈছে। এ পি ডি চি এলৰ সূত্ৰই প্ৰকাশ কৰা মতে চাদৰ ওপৰত সৌৰ পেলেন স্থাপনৰ প্ৰতি গ্রহকৰ আগ্ৰহ যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত এক কিলোৱাট সৌৰশক্তি পেনেল স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩০ হাজাৰ টকা আৰু ৰাজ্য চৰকাৰে ১৫ হাজাৰ টকা ৰাজ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। এই আঁচনি গ্ৰহণৰ বাবে সজাগতা সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই আঁচনিৰ অধীনত গ্রীড সংযুক্ত সৌৰ চাদ ব্যৱস্থাৰে এটা পৰিয়ালক ৭০ শতাংশ পর্যন্ত সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ’ব। আনহাতে ৰাজ্য চৰকাৰে ২০২৬ৰ ভিতৰত তিনি হেজাৰ মেগাৱাট সৌৰশক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। বর্তমান সৌৰশক্তি প্ৰকল্পৰ পৰা প্ৰায় ৩০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰি থকা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি অসমত ১৩ হাজাৰ ৭৬০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ সম্ভাৱনা আছে। অসমত দৈনিক প্রায় দুহেজাৰ ৬০০ মেগাৱাট বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয়। কিন্তু ৰাজ্যত থকা বিদ্যুৎ প্রকল্পসমূহৰ এই চাহিদাৰ মাত্র ১৪ শতাংশহে উৎপাদন কৰাৰ ক্ষমতা আছে, বাকী চাহিদা পূৰণৰ বাবে অন্য ৰাজ্যৰ পৰা বিদ্যুৎ ক্রয় কৰিবলগীয়া হয়। এনে প্ৰেক্ষাপটত সেউজশক্তি উৎপাদনেৰে স্বাৱলম্বী হ’বলৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰে কেইবাখনো নতুন আঁচনি মুকলি কৰিছে। এই প্রকল্পসমূহৰ ভিতৰত কাৰ্বি আংলঙৰ লাহৰিজানৰ এহেজাৰ মেগাৱাট, ধুবুৰী-বিলাসীপাৰাৰ ৭০ মেগাৱাট, এ পি ডি চি এল আৰু এন এল চি আই এলৰ সৌদ উদ্যোগত এহেজাৰ মেগাৱাটৰ প্ৰকল্প অন্যতম।

অধিক পঢ়ক

সকলো চাওক