ডাউনলোড
মোবাইল এপ

android apple
signal

December 23, 2024 12:34 PM | PM shree

printer

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়লৈ ১২০ কোটি টকা মুকলি

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১২০ কোটি টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত দেশৰ ১২,০৮৪ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা বিভাগৰ এটা সূত্রই জানিবলৈ দিয়া মতে দুটা পৰ্যায়ত অসমৰ নিৰ্বাচিত এই ৩৮২ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন সাধন কৰা হব। ইয়াৰ ভিতৰত ২৬৬ খন বিদ্যালয় প্রথম পর্যায়ত আৰু বাকী ১১৬ খন বিদ্যালয় দ্বিতীয় পৰ্যায়ত আন্তঃগাঁথনি উন্নয়নৰ বাবে বাচনি কৰা হৈছে। এই বিদ্যালয়সমূহৰ ভিতৰত ৮৮ খন নিম্ন প্ৰাথমিক, ৩৩ খন উচ্চ প্রাথমিক, ১৩৮ খন মাধ্যমিক আৰু ১২৩ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে। এই বিদ্যালয়সমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২৭ কোটি ৪৭ লাখ টকাৰ অনুমোদনৰ ৫৭ কোটি ৩৫ লাখ টকা মুকলি কৰি দিয়ে। চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৯৬ কোটি ২৮ লাখ টকাৰ অনুমোদন দি যোৱা নৱেম্বৰত ৬২ কোটি ৬৫ লাখ টকা মুকলি কৰি দিয়ে ।

এই আঁচনিৰ অধীনত ৰাজ্যৰ বিদ্যালয়সমূহত বিজ্ঞান লেবৰেটৰী, স্মার্ট ক্লাছ ৰুম, পুথিভঁৰাল, বিদ্যালয়সমূহৰ প্ৰয়োজনীয় আচবাব, খেলপথাৰ নিৰ্মাণ, বিদ্যালয় সেউজীয়াকৰণ, ঔষধী গছৰ পুলি ৰোপণ আদিৰ ব্যৱস্থা কৰা হব।

অধিক পঢ়ক

সকলো চাওক