শ্ৰীনগৰত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্বাচনী সভা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীনগৰত এখন নির্বাচনী সভাত সম্বোধন কৰে। শ্ৰীমোদীয়ে জম্মু-কাশ্মীৰত অহা ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনত জনসাধাৰণক অভিলেখ পৰিমাণৰ ভোটদান কৰিবলৈ আহ্বান জনাইছে। জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰাৰ বাবে তেওঁৰ চৰকাৰে সংসদত প্ৰকাশ কৰাৰ কথা দোহাৰি শ্ৰীমোদীয়ে কয় যে, কেৱল বিজেপিয়েহে এই প্ৰতিশ্ৰুতিৱদ্ধতা পূৰণ কৰিব পাৰিব। শ্রীমোদীয়ে কয় যে, জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ কালি অনুষ্ঠিত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত জনসাধাৰণে বিপুল পৰিমাণৰ ভোটদান সাব্যস্ত কৰি নতুন ইতিহাস ৰচনা কৰিলে। তেওঁ কয় যে, কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ নোহোৱাকৈ প্ৰথমবাৰৰ বাবে কালি প্ৰথম পৰ্যয়ৰ ভোটদান সম্পন্ন হয়। ভাষণ প্ৰসংগত শ্রীমোদীয়ে নেচনেল কনফাৰেন্স, পি ডি পি আৰু কংগ্ৰেছক তেওঁলোকে কেৱল ৰাজনৈতিক স্বাৰ্থৰ বাবে কাশ্মীৰক ধ্বংস কৰিছে বুলি সমালোচনা কৰে। তেওঁ কাশ্মীৰলৈ শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ সফলতাৰ কথাও উল্লেখ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, উপত্যকাটোলৈ শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ ফলত জি-টুৱেণ্টিৰ লেখিয়া আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। তেওঁ লগতে উত্তৰ কাশ্মীৰৰ গুলমাৰ্গত প্ৰতিবছৰে খেলো ইণ্ডিয়া শীতকালীন ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক