ডাউনলোড
মোবাইল এপ

android apple
signal

July 5, 2024 12:14 PM | PM Visit

printer

অহা ৮ জুলাইত চাৰি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৮ জুলাইত চাৰি দিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়ালৈ ৰাওনা হ’ব। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ২২ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে শ্ৰী মোদী ৮ জুলাইত মস্কোত উপস্থিত হ’ব। দুয়োগৰাকী নেতাই সাম্প্ৰতিক আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজৰিত বিভিন্ন বিষয় লৈ আলোচনা কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰী মোদী ৯ জুলাইত অষ্ট্ৰিয়ালৈ ৰাওনা হ’ব। এয়া হ’ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ। ভ্ৰমণকালত শ্ৰী মোদীয়ে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ৱেন ডেৰ বেলেনক সাক্ষাৎ কৰিব আৰু দেশখনৰ ছেঞ্চেলৰ কাৰ্ল নিহামাৰৰ সৈতে আলোচনাত মিলিত হ’ব। প্রধানমন্ত্ৰী আৰু ছেঞ্চেলাৰগৰাকীয়ে উভয় দেশৰ আগশাৰীৰ ব্যৱসায়ীসকলকো সম্বোধন কৰিব। প্রধানমন্ত্ৰীয়ে মস্কো আৰু ভিয়েনাত থকা ভাৰতীয় লোকসকলৰ সৈতেও মত বিনিময় কৰিব।

অধিক পঢ়ক

সকলো চাওক