ডাউনলোড
মোবাইল এপ

android apple
signal

September 11, 2024 5:56 PM | PM modi PMAY

printer

অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক আঁচনি মুকলি

কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী ৫ বছৰৰ ভিতৰত সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি বাসগৃহ নিৰ্মাণ কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ সম্প্ৰসাৰণ ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ ছেপ্তেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত PMAY-G 2.0 শীর্ষক এই আঁচনিখন আনুষ্ঠিকভাৱে মুকলি কৰিব। একেদিনাই প্রধানমন্ত্রীয়ে গৃহ অনুমোদন, ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য প্ৰদান আৰু সম্পূৰ্ণ হৈ উঠা ২৬ লাখ PMAY-Gৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানতো অংশগ্রহণ কৰিব। তদুপৰি এই আঁচনিৰ হিতাধিকাৰীসকলক স্থায়ী অপেক্ষা তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে নতুন সমীক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে নতুন আৱাস প্লাছ জৰীপ কাৰ্যসূচীও প্রধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব। উল্লেখযোগ্য যে দেশৰ গ্ৰামাঞ্চলত বসবাস কৰা লাখ লাখ পৰিয়ালক একোটা পকীঘৰ প্ৰদান কৰাৰ লক্ষ্যৰে PMAY-G আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে। ২০১৬ চনত আৰম্ভ হোৱা এই আঁচনিখনৰ ধাৰাবাহিক ৰূপায়ণৰ জৰিয়তে গৃহ নিৰ্মাণৰ আন্তঃগাঁথনিৰ উন্নতি সাধনৰ লগতে গাঁৱত বসবাস কৰা জনসাধাৰণৰ জীৱন-যাপনৰ মান উন্নত কৰিবলৈ বিচৰা হৈছে। আনহাতে প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণ আঁচনিৰ অধীনত অহা ১৫ ছেপ্তেম্বৰত অসমতো এক লাখ ৭১ হাজাৰ ৫৯৩টা নতুন বাসগৃহ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰাৰ লগতে ৰাজ্য চৰকাৰে ইয়াৰ বাবে প্রয়োজনীয় ধনৰ আৱণ্টন লাভ কৰিব। ইয়াৰ লগতে ৰাজ্যখনত সম্পূৰ্ণ হোৱা এক লাখ ৩ হাজাৰ ৫৭৫টা প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনৰ বাসগৃহৰ গৃহপ্ৰৱেশ অনুষ্ঠানৰো আয়োজন কৰা হব। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি এখন সংবাদমেলত এই কথা প্রকাশ কৰি কয় যে, অহা ১৫ ছেপ্তেম্বৰৰ এই অনুষ্ঠানৰ জৰিয়তে দেশৰ বাকী অংশৰ লগতে অসমতো দ্বিতীয় পৰ্যায়ৰ প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ শুভাৰম্ভ কৰা হব । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সকলোৰে বাবে গৃহ নিৰ্মাণৰ লক্ষ্যৰ প্ৰতি দায়বদ্ধ হৈ অসমতো কোনো পৰিয়ালেই নিৰাপদ আৰু মৰ্যাদাপূৰ্ণ বাসস্থান অবিহনে নথকাটো নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সক্ষম নেতৃত্বত এই আঁচনিখনে ৰাজ্যৰ সুদূৰ প্ৰান্তত থকা দৰিদ্ৰ লোকৰো কাষ চাপিবলৈ সমৰ্থ হৈছে। ২০১৬ চনৰ পৰা অসমে এই আঁচনিৰ অধীনত ২২ লাখ ২৩ হাজাৰ ৪৩৫টা পকীঘৰৰ লক্ষ্য লাভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। ইয়াৰে ২১ লাখ ২২ হাজাৰ ৭৭২টা বাসগৃহৰ অনুমোদন ইতিমধ্যে লাভ কৰাৰ বিপৰীতে ১৯ লাখ ১৭ হাজাৰ ৪৪১টা ঘৰ সম্পূৰ্ণ হৈ উঠা বুলিও তেওঁ তথ্য দাঙি ধৰে। মন্ত্ৰী শ্ৰী দাসে লগতে প্ৰকাশ কৰা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত অসমে ৩ বছৰৰ ভিতৰতে ১৫ লাখ ১৩ হাজাৰ ১৩৩টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক