বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ জনসাধাৰণে ৰাজ্যখনত পুনৰ বিজেপিক সেৱা কৰাৰ সুবিধা প্ৰদান কৰিব বুলি আশা প্রকাশ কৰিছে। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে হাৰিয়ানাৰ বিজেপিৰ বুথ কৰ্মকৰ্তাসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰতীয় জনতাপাৰ্টীয়ে ৰাজ্যখনত দুৰ্নীতিমুক্ত সেৱা প্ৰদান কৰি আছে। তেওঁ কোনো ধৰণৰ অসাধু পন্থা অৱলম্বন নকৰাকৈ ৰাজ্যখনৰ যুৱ প্ৰজন্মই নিয়োগৰ সুবিধা লাভ কৰিছে বুলি অৱগত কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰী মোদীয়ে দলটোৱে সকলোৰে মাজত মতানৈক্য, বিভেদ আৰু অন্তঃদ্ৱন্দ্ৱৰ সৃষ্টি কৰিছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে এনেধৰণৰ দলে হাৰিয়ানাৰ জনসাধাৰণৰ আস্থা কেতিয়াও লাভ নকৰে বুলি অৱগত কৰে।
Site Admin | September 26, 2024 9:16 PM | pm people of Haryana will give the BJP a chance to serve once again