দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সমৰ্থনেৰে লোকসভা নিৰ্বাচনত বিজেপিক পুনৰবাৰ শাসনাধিস্থ কৰোৱাইছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। তেওঁৰ চৰকাৰ মাথোঁ ৰাষ্ট্ৰ প্ৰথম নীতিৰেই পৰিচালিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে দেশৰ জনগণে বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক সমৰ্থন কৰি লোকসভা নিৰ্বাচনত এই চৰকাৰকে পুনৰবাৰ শাসনাধিস্থ কৰিছে। তেওঁ কাইলৈ ৰাজ্যসভাক সম্বোধন কৰিব।
ইপিনে, লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত অংশ লৈ সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে আজি কয় যে বর্তমান চৰকাৰৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাই আৰু আই এন ডি এ মিত্ৰজোঁটৰ বাবে এয়া বিজয় স্বৰূপ। শ্রী যাদৱে লগতে ভাৰতীয় অর্থ ব্যৱস্থাক লৈ প্রশ্ন উত্থাপন কৰি কয় যে ভাৰত বিশ্বৰ পঞ্চম সর্ববৃহৎ অৰ্থ ব্যৱস্থাৰ দেশ ৰূপে পৰিগণিত হোৱা সত্ত্বেও জনমূৰি আয় এতিয়াও কম হৈ আছে। প্রশ্নকাকত ফাদিলৰ বিষয় লৈ চৰকাৰক আক্ৰমণ কৰি সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে কয় যে চৰকাৰে যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপনৰ সুযোগ প্ৰদান কৰিব নিবিচাৰে। যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক এন ডি আৰ এফ বাহিনীৰ সহায় আগবঢ়াবলৈ আহ্বান জনায়। আলোচনাত ভাগ লৈ দৰং-ওদালগুৰিৰ বিজেপি সাংসদ দিলীপ শ‍ইকীয়াই লোকসভাত কয় যে হিন্দু আদর্শ আৰু সনাতন সংস্কৃতিৰ বাবে দেশ ধৰ্ম নিৰপেক্ষ হৈ আছে। ৰাহুল গান্ধীয়ে এটা বিশেষ সম্প্রদায়ক সমালোচনা কৰাৰ বাবে ক্ষমা খোজা উচিত বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা বলৱৎ কৰি গণতন্ত্ৰ আৰু সংবিধানক ধ্বংস কৰাৰ চেষ্টা চলাইছিল আৰু ৰাহুল গান্ধীয়ে তাৰ বাবেও ক্ষমা খোজা উচিত। তেওঁ লগতে কয় যে কংগ্ৰেছে দেশৰ প্ৰগতি নিবিচাৰে। কংগ্ৰেছে বিগত তিনিটা লোকসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰৰ সাধাৰণ নিৰ্বাচনত লাভ কৰাৰ সমানো আসন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাতো ৰাষ্ট্ৰপতি ভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাত অংশগ্ৰহণ কৰি অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমৰ ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো উত্থাপন কৰে। তেওঁ লগতে বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায়। ৰাজ্যখনৰ অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয় লৈ মন্তব্য কৰে আৰু ৰাজ্যখনৰ থলুৱা জনসাধাৰণৰ পৰিচয় সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ আৱশ্যকতাৰ গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক