ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব। পি এম বিশ্বকৰ্মা আঁচনিৰ এবছৰৰ অগ্ৰগতি উপলক্ষে ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকর্মা’ কাৰ্যসূচীত প্রধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত প্রধানমন্ত্রী মোডীয়ে প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ-পত্ৰ আৰু ঋণ মোকলাই দিব। এই আঁচনিৰ অধীনত শিল্পীসকলক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে তেওঁ পি এম বিশ্বকৰ্মাৰ অধীনত ১৮টা খণ্ডৰ ১৮জন হিতাধিকাৰীক ঋণ প্ৰদান কৰিব। তেওঁলোকে সমাজলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই শ্রী মোদীয়ে প্রধানমন্ত্রী বিশ্বকৰ্মা আঁচনিৰ অধীনত এবছৰৰ অগ্ৰগতি উপলক্ষে উৎসৰ্গিত এটা স্মাৰক ডাক টিকটো মুকলি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতীত পি এম মেগা ইণ্টিগ্রেটেড টেক্সটাইল ৰিজিঅ’নছ এণ্ড এপাৰেল পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব। ১০০০ একৰ ভূমিত মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে এই উদ্যানখন গঢ়ি তুলিছে। ভাৰত চৰকাৰে বস্ত্ৰ উদ্যোগৰ বাবে ৭খন পি এম মিট্ৰ উদ্যান স্থাপনৰ অনুমোদন দিছিল। ভাৰতক বস্ত্ৰ উৎপাদন আৰু ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পি এম মিট্র উদ্যান এক বৃহৎ পদক্ষেপ হিচাপে পৰিলক্ষিত হৈছে। ই বিশ্বমানৰ ঔদ্যোগিক আন্তঃগাঁথনি সৃষ্টি কৰাত সহায় কৰিব যিয়ে প্রত্যক্ষ বিদেশী বিনিয়োগকে ধৰি বৃহৎ পৰিসৰত বিনিয়োগকাৰীক আকৰ্ষণ কৰিব আৰু খণ্ডটোৰ ভিতৰত উদ্ভাৱন আৰু নিয়োগ সৃষ্টিত সহায় কৰিব। প্রধানমন্ত্রী মোডীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ “আচার্য চাণক্য দক্ষতা বিকাশ কেন্দ্র” আঁচনিও মুকলি কৰিব। এই আঁচনিৰ অধীনত ১৫ৰ পৰা ৪৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে ৰাজ্যখনৰ প্ৰখ্যাত মহাবিদ্যালয়সমূহত দক্ষতা বিকাশ প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব, যাৰ ফলত তেওঁলোকে স্বাৱলম্বী হ’ব পাৰিব আৰু বিভিন্ন কর্মসংস্থাপনৰ সুবিধা লাভ কৰিব ৰাজ্যখনৰ প্ৰায় ডেৰ লাখ যুৱক-যুৱতীয়ে প্ৰতি বছৰে বিনামূলীয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণ লাভ কৰিব। শ্রী মোদীয়ে “পুন্যাশ্বলক অহিল্যদেৱী হোলকাৰ মহিলা ষ্টার্টআপ আঁচনি”ও মুকলি কৰিব। এই আঁচনিৰ অধীনত মহাৰাষ্ট্ৰৰ মহিলা নেতৃত্বাধীন ষ্টার্টআপক প্ৰাৰম্ভিক পৰ্যায়ত ২৫ লাখ টকাপর্যন্ত আর্থিক সাহায্য প্ৰদান কৰা হ’ব। এই আঁচনিৰ অধীনত ২৫ শতাংশ হিতাধিকাৰী পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্রেণীৰ মহিলাৰ বাবে সংৰক্ষিত হ’ব। এই পদক্ষেপে মহিলা নেতৃত্বাধীন ষ্টার্টআপসমূহক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক