প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাশ্বিংটনৰ ডেলাৱেৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। তিনিদিনীয়া ভ্রমণসূচীৰে আমেৰিকালৈ যোৱা শ্ৰী মোদীয়ে কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজি শেষ নিশা শ্ৰী মোদীয়ে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ ষষ্ঠ বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত আমেৰিকা, জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়া আদি কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে জলবায়ু পৰিৱৰ্তন, জটিল প্রযুক্তি আদি সামৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজ আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশ্বিদাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা আছে। আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে এটা বিবৃতিযোগে শ্রী মোদীয়ে কয় যে, কোৱাড মঞ্চ-ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে কাম কৰাৰ বাবে একে ভাৱধাৰাৰ দেশসমূহৰ এটা গুৰুত্বপূৰ্ণ গোট হিচাপে বিবেচিত হৈছে। তেওঁ লগতে কয় যে, কোৱাড শীৰ্ষ সন্মিলনত তেওঁ নেতাসকলক সাক্ষাৎ কৰাৰ বাবে অত্যন্ত উৎসাহিত হৈ আছে। বিবৃতিটোত শ্রী মোদীয়ে এইবুলি আস্থা প্ৰকাশ কৰে যে ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হ’বলগীয়া তেওঁৰ বৈঠকে ভাৰতৰ জনসাধাৰণ তথা গোলকীয় হিতৰ উদ্দেশ্যে ভাৰত-আমেৰিকা সামগ্রিক গোলকীয় কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে নতুন পথৰ সন্ধান তথা পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদী নিউয়র্কলৈ যাব আৰু ২২ ছেপ্তেম্বৰত তেওঁ দেশৰখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ভ্ৰমণৰ অন্তিম দিনা নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অৱ দ্য ফিউচাৰ শীৰ্ষক সন্মিলন সম্বোধন কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান।
Site Admin | September 21, 2024 9:14 PM | PM Narendra Modi to hold bilateral meeting with US President Joe Biden tonight