প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীমোদীয়ে মস্কোত ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এই বার্ষিক সন্মিলনে প্রধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। দুয়োগৰাকী নেতাই লগতে পাৰস্পৰিক স্বার্থজড়িত সাম্প্রতিক, আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈও মত বিনিময় কৰিব। তদুপৰি তেওঁলোকে ব্রিকছ, চাংহাই সহযোগিতা সংস্থা, জি-২০, পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ দৰে গ্রুপিং পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভতো আলোকপাত কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নৈশভোজৰ আয়োজন কৰিব। শ্রীমোদীয়ে কাইলৈ ৰাছিয়াত ভাৰতীয় সমূদায়ৰ লোকসকলৰ সৈতে মত-বিনিময় কৰিব। তেওঁ লগতে ক্রেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পণ কৰিব আৰু মস্কোত ৰোছাটন পেভিলিয়ন দর্শন কৰিব। ৰাছিয়াত থকা ভাৰতীয় ৰাষ্ট্রদূত বিনয় কুমাৰে সংবাদমাধ্যমৰ আগত কয় যে, তিনি বছৰৰ বিৰতিৰ পাছত হোৱা এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাছিয়া ভ্ৰমণ সামৰি প্ৰধানমন্ত্রী শ্ৰীমোদী কাইলৈ অষ্ট্ৰিয়াত উপস্থিত হ’ব। এয়া হ’ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্রমণ। অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মেৰৰ সৈতেও আলোচনাত মিলিত হ’ব। শ্রীমোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব।
Site Admin | July 8, 2024 12:33 PM | PM Narendra Modi to embark on 3 day official visit to Russia & Austria