প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ড আৰু ইউক্রেইনৰ সফল ভ্ৰমণ সামৰি আজি দুপৰীয়া স্বদেশলৈ উভতি আহে। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কৰ সৈতে ৱাৰশ্ব’ত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। তেওঁলোকে লগতে এখন সুস্থিৰ, সমৃদ্ধিশালী আৰু বহনক্ষম বিশ্বৰ বাবে দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। প্ৰধানমন্ত্রীদ্বয়ে ইউক্রেইন আৰু পশ্চিম এছিয়াৰ সংঘৰ্ষসহ পাৰস্পৰিক স্বাৰ্থৰ্জৰিত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰে। ইউক্রেইনত প্ৰধানমন্ত্রী মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ মাজত কীভত প্রতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। বৈঠকত ইউক্রেইনৰ সমূহীয়া উন্নয়ন প্রকল্প, ঔষধ নিয়ন্ত্রণ মান, সাংস্কৃতিক বিনিময় আৰু কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ উদ্দেশ্যে চাৰিখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। প্রধানমন্ত্রী মোদীয়ে সজোৰে কয় যে, ইউক্রেইন আৰু ৰাছিয়াই দেশ দুখনৰ মাজৰ সংঘৰ্ষৰ অৱসানৰ উপায় উলিয়াওৱা উচিত । শান্তি অনাৰ বাবে চলোৱা সকলো প্ৰচেষ্টাত সক্রিয় ভূমিকা পালন কৰিবলৈ ভাৰত সাজু বুলি শ্ৰী মোদীয়ে প্ৰকাশ কৰে।
Site Admin | August 24, 2024 9:17 PM | PM Narendra Modi successfully concludes his visit to Ukraine