ডাউনলোড
মোবাইল এপ

android apple
signal

বিশ্বৰ বহুসংখ্যক নেতাই নিজৰ দেশত কাম কৰাৰ বাবে ভাৰতৰ যুৱক-যুৱতীক বিচাৰেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ যুৱ শক্তিৰ সামৰ্থ্যৰ প্ৰতি আকৰ্ষিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্রকাশ কৰিছে। তেওঁ কয় যে বিশ্বৰ বহুসংখ্যক নেতাই আজি নিজৰ দেশত কাম কৰাৰ বাবে দক্ষ মানৱ সম্পদ, ভাৰতৰ যুৱক-যুৱতীসকলক বিচাৰে। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে আজি পুৱা গুজৰাটৰ ৱাডটলত শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰি দিয়া ভাষণত প্রধানমন্ত্ৰীয়ে এইদৰে কয় । তেওঁ কয় যে আমাৰ যুৱক-যুৱতীসকলৰ চাহিদা বিশ্বজুৰি আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যুৱচামে এখন বিকশিত ভাৰতৰ বাবে নিজকে শক্তিশালী কৰি তুলিব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দক্ষ যুৱক-যুৱতীসকলেই দেশৰ সৰ্ববৃহৎ শক্তি হৈ উঠিব। চৰকাৰে এই উপলক্ষে ২০০ টকা মূল্যৰ এটা ৰূপৰ মুদ্ৰাৰ লগতে এটা স্মাৰক ডাক টিকট জাৰি কৰাৰ বাবে প্রধানমন্ত্রীয়ে সন্তোষ প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ জনসাধাৰণক বিকশিত ভাৰতৰ দৃষ্টিভংগীক আঁকোৱালি লোৱাৰ লগতে অহা ২৫ বছৰৰ ভিতৰত ইয়াক অৰ্জন কৰাৰ ক্ষেত্ৰত সক্রিয়ভাৱে অৱদান আগবঢ়াবলৈ আহ্বান জনায়। দক্ষ কৰ্মীৰ এটা প্ৰজন্ম গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে লোৱা বাস্তৱিক প্ৰচেষ্টাৰ বিষয়েও তেওঁ আলোকপাত কৰে। উল্লেখযোগ্য যে ২০০ বছৰৰ পূৰ্বে প্ৰভু স্বামী নাৰায়ণে স্থাপন কৰা ৱাডটল ধামে দশকজুৰি জনসাধাৰণৰ সামাজিক তথা আধ্যাত্মিক জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক