অষ্ট্ৰিয়া ভ্রমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্রসূ বুলি অভিহিত প্রধানমন্ত্ৰী মোদীৰ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰিয়া ভ্রমণক ঐতিহাসিক আৰু যথেষ্ট ফলপ্রসূ বুলি অভিহিত কৰিছে। তেওঁ লগতে এই ভ্রমণে দুয়ো দেশৰ মাজৰ বন্ধুত্ব এনাজৰী অধিক সুদৃঢ় কৰিব বুলি আশা প্রকাশ কৰে। তেওঁ ভিয়েনাত ভিন ভিন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই সুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে চেন্সেলৰ কাৰ্ল নেহমৰ, অষ্ট্ৰিয়াৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকৰ মৰম আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷
ভিয়েনাত চেন্সেলৰ নেহমৰৰ সৈতে হোৱা আলোচনাৰ অন্তত প্রধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু অষ্ট্ৰিয়াই দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্কক কৌশলগত সম্পর্কলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে পাৰস্পৰিক সহযোগিতা অধিক শক্তিশালী কৰাৰ সম্ভাৱনা চিনাক্ত কৰি উলিয়াইছে। অষ্ট্ৰিয়াৰ চেন্সেলৰ সৈতে জাৰি কৰা এটা যুটীয়া বিবৃতিত শ্রীমোদীয়ে কয় যে তেওঁ ইউক্রেইনৰ সংঘৰ্ষ আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিসহ বিশ্বৰ সাম্প্ৰতিক ভূ- ৰাজনৈতিক স্থিতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিছে। প্রধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰত আৰু অষ্ট্ৰিয়াই আন্তঃগাঁথনি উন্নয়ন, উদ্ভাৱন, নবীকৰণযোগ্য শক্তি, হাইড্ৰজেন, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, কৃত্রিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ লেখিয়া ক্ষেত্রসমূহত একেলগে কাম কৰিব আৰু অনাগত দশকসমূহত সহযোগিতাৰ বাবে পৰিকল্পনাও প্ৰস্তুত কৰি উলিয়াইছে। শ্রীমোদীয়ে লগতে কয় যে অষ্টিয়াক আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট, বিপর্যয়তো তিস্তি থাকিব পৰা আন্তঃগাঁথনি জোঁট আৰু জৈৱ ইন্ধন জোঁটত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক