বিগত ১০ বছৰত এন ডি এৰ শাসনকালত দেশত ব্যাপক পৰিৱৰ্তন হৈছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰত এন ডি এৰ শাসনকালত দেশে ব্যাপক পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে বুলি মত প্রকাশ কৰিছে। গুজৰাটৰ আনন্দত আজি এখন ৰাজনৈতিক সমাৱেশত ভাষণ দি শ্রী মোদীয়ে কয় যে ভাৰত সম্প্রতি গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ দেশ হিচাপে পৰিগণিত হৈছে আৰু বিশ্বই এতিয়া আন্তঃৰাষ্ট্ৰীয় সংঘাতসমূহৰ ক্ষেত্ৰত ভাৰতক মধ্যস্থতাকাৰী হিচাপে চাবলৈ লৈছে। বিশ্ব প্ৰেক্ষাপটত যোৱা এটা দশকত দেশৰ ভাবমূৰ্তিৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপি চৰকাৰে ৩০ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে। বিজেপি চৰকাৰে গ্ৰামাঞ্চলৰ ৭৫ শতাংশ গৃহত নলযোগে খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে প্ৰায় সকলো ঘৰতে শৌচালয় নিৰ্মাণ কৰাইছে। তেওঁ ৰাজনৈতিক লাভালাভৰ বাবে দৰিদ্ৰজনক শোষণ কৰা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ প্ৰতি হোৱা অন্যায়ৰ বাবে কংগ্ৰেছ দলক দোষী সাব্যস্ত কৰে। শ্ৰী মোদীয়ে তেওঁৰ চৰকাৰে দেশত ধৰ্মৰ আধাৰত সংৰক্ষণৰ ব্যৱস্থা প্ৰতিৰোধ কৰিব বুলিও সকলোকে নিশ্চিতি দিয়ে। প্রধানমন্ত্রীয়ে ৰাজ্যখনত কালিৰে পৰা প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক