October 21, 2024 7:40 PM | PM Narendra Modi

printer

ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। তেওঁ কয় যে, দেশে সকলো ক্ষেত্ৰতে এক অভূতপূৰ্ব স্তৰত আগবাঢ়ি আছে। এটা ব্যক্তিগত সংবাদ আউটলেটৰ দ্বাৰা আয়োজিত বিশ্ব শীর্ষ সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে, বিশ্বই এ আইক কৃত্রিম বুদ্ধিমত্তা হিচাপে স্বীকৃতি দিলেও ভাৰত হৈছে ভিন্ন ধৰণৰ কৃত্রিম বুদ্ধিমত্তা আকাংক্ষিত ৰাষ্ট্ৰ। তেওঁ কয় যে, যি সময়ত বিশ্ব অনিশ্চয়তাত ডুব গৈছিল সেই সময়ত ভাৰতে এক আশাৰ ৰেঙনি হিচাপে আত্মপ্ৰকাশ কৰিছিল। কোভিড-১৯, বিশ্ব অর্থনীতি, মুদ্রাস্ফীতি, নিবনুৱা সমস্যা, জলবায়ু পৰিৱৰ্তন আদি বিষয়সমূহত আলোকপাত কৰি শ্ৰী মোদীয়ে বিশ্বৰ পৰিস্থিতিয়ে ভাৰততো প্ৰভাৱ পেলাব বুলি কয়। প্রধানমন্ত্রীয়ে লগতে কয় যে, এন ডি এ চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ মাত্ৰ ১২৫ দিনতে ৯ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পত অনুমোদন জনোৱা হৈছিল আৰু ১৫খন নতুন বন্দে ভাৰত ৰে’ল মুকলি কৰা হৈছিল। তেওঁ কয় যে, ৮টা বিমান বন্দৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে, পাঁচ লাখ ঘৰৰ ছাদৰ ওপৰত সৌৰ প্ৰকল্প স্থাপন কৰা হৈছে আৰু ৯০ কোটিৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। প্ৰধানমন্ত্রীয়ে কয় যে, ১২৫ দিনতে দেশৰ বৈদেশিক মুদ্ৰাৰ বজাৰ ৭০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে। তেওঁ লগতে কয় যে, গোলকীয় ফিনটেক উৎসৱ, বিশ্বৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ বিষয়ে আলোচনা, নৱীকৰণযোগ্য শক্তি আৰু অসামৰিক বিমান পৰিবহণৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰো আয়োজন কৰা হৈছিল। প্রধানমন্ত্রী মোদীয়ে কয় যে, এয়া হৈছে ভাৰতৰ সৈতে জড়িত আশাৰ তালিকা।

অধিক পঢ়ক

সকলো চাওক