ডাউনলোড
মোবাইল এপ

android apple
signal

April 7, 2025 7:37 PM | Pm Mudra yojona

printer

প্রধানমন্ত্রী মুদ্রা যোজনাৰ অধীনত ৩২ লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান

প্রধানমন্ত্রী মুদ্রা যোজনাৰ অধীনত বৰ্তমানলৈ ৩২ লাখ কোটি টকাতকৈও অধিক পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ প্ৰতিষ্ঠানলৈ ১০ লাখ টকা পৰ্যন্ত ঋণ আগবঢ়োৱাৰ উদ্দেশ্যে ২০১৫ চনত আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে ঋণ গ্ৰহণ কৰা লোকৰ সংখ্যা সম্প্ৰতি ৫২ কোটিৰো অধিক হৈছেগৈ। সামগ্ৰিকভাৱে বিত্তীয় সহায়ৰ ব্যৱস্থাক সাঙুৰি লৈ এনে প্ৰতিষ্ঠানসমূহৰ সৱলীকৰণৰ লক্ষ্যৰে আগবঢ়োৱা ঋণসমূহক তিনিটা শিতানত ভাগ কৰা হৈছে। ইয়াৰে শিশু শিতানত ৫০ হাজাৰ টকা পৰ্যন্ত, কিশোৰ শিতানত ৫ লাখ টকা পৰ্যন্ত আৰু তৰুণ শিতানত ১০ লাখ টকা পর্যন্ত ঋণ আগবঢ়োৱাৰ ব্যৱস্থা আছে।

বৰ্তমানলৈ মুদ্রা ঋণ গ্রহণ কৰা সকলৰ প্ৰায় ৭০ শতাংশই মহিলা আৰু ইয়াৰ জৰিয়তে তেওঁলোকক বিত্তীয় স্বাধীনতা প্ৰদান কৰি লিংগ সমতাৰ প্ৰতি বৰঙণি আগবঢ়োৱাটো সম্ভৱপৰ হৈ উঠিছে। শেহতীয়া সময়ছোৱাত ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ তথা প্ৰতিষ্ঠানৰ সামগ্রিক দৃশ্যপটৰ ইতিবাচক পৰিৱৰ্তন সাধন কৰা এই মুদ্রা যোজনাৰ অধীনত ঋণ লাভ কৰাসকলৰ মাজৰ ৫০ শতাংশৰো অধিক প্রতিষ্ঠানেই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ।

অধিক পঢ়ক

সকলো চাওক